কোকৰাঝাৰ মৰ্গত অচিনাক্ত মৃতদেহঃ নৱেম্বৰৰ পৰাই চলি আছিল চিকিৎসা... 
বড়োলেণ্ড

কোকৰাঝাৰ মৰ্গত অচিনাক্ত মৃতদেহঃ নৱেম্বৰৰ পৰাই চলি আছিল চিকিৎসা...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ২০২৩ চনৰ নৱেম্বৰ মাহত কোকৰাঝাৰৰ এগৰাকী দয়ালু ব্যক্তিয়ে পথৰ কাষত লেবেজান হৈ পৰি থকা এগৰাকী ৬০ বছৰীয়া ৰোগীয়া পথৰ ভিক্ষাৰীক উদ্ধাৰ কৰি কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰাইছিল । দীৰ্ঘদিনৰ পৰা কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা উক্ত ব্যক্তিগৰাকীৰ আজি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।

চিকিৎসালয়ত তেওঁৰ নাম নৰেন্দ্ৰ চিপ্ৰাং বুলি লিপিবিদ্ধ কৰিছিল যদিও কোনোধৰণৰ ঠিকনা দিব পৰা নাছিল । চিকিৎসাধীন অৱস্থাত তেওঁ সম্পূৰ্ণ পৰিচয় তথা ঠিকনা উলিয়াবলৈ চেষ্ঠা কৰা হৈছিল যদিও কোনেও সফল নহ'ল ।

আজি ব্যক্তিগৰাকীৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱাত মৃতদেহটো কোকৰাঝাৰ মৰ্গত ৰখা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে । কোনো সদাশয় ব্যক্তিয়ে মৃতকক চিনি পালে কোকৰাঝাৰ সদৰ থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে উপ-পৰিদৰ্শক হীৰকজ্যোতি সেনাপতিয়ে।

মৃত ব্যক্তিগৰাকীৰ দেহৰ বৰণ মাগুৰবৰণীয়া, উচ্চতা ৫ ফুট ৩ ইঞ্চি আছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে । ৭২ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ পৰিচয় উদ্ধাৰ নহ'লে তথা পৰিয়ালৰ কোনোৱে দাবী নকৰিলে নিয়মানুযায়ী সৎকাৰৰ ব্যৱস্থা লোৱা হ'ব বুলি সদৰি কৰিছে উপ-পৰিদৰ্শক হীৰকজ্যোতি সেনাপতিয়ে ।