বড়োলেণ্ড

এই সাংস্কৃতিক মহাসংগ্ৰামে পৰম্পৰা আৰু সংস্কৃতি জীয়াই ৰখাত সহায় কৰিব : মন্ত্ৰী ইউ জি ব্ৰহ্ম

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ঢালিগাঁৱস্থিত বঙাইগাওঁ শোধনাগাৰ বিনোদন কেন্দ্ৰত শুকুৰবাৰে অনুষ্ঠিত হয় জিলা পৰ্যায়ত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতা ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত আয়োজিত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচীত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই মুখ্য অতিথিৰূপে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷

এই অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই উদ্বোধনী ভাষণত কয়, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰম্পৰা আৰু সংস্কৃতি জীয়াই ৰখাৰ প্ৰয়াস কৰি এই অসম সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰিছে ৷

এনে প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ নানা জাতি জনজাতিৰ মাজত শিপা জীয়াই ৰাখিব বুলি তেওঁ উল্লেখ কৰে ৷ তেওঁ লগতে প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলৰ ভৱিষ্যত জীৱন বাটত লাভ হ'ব বুলি উল্লেখ কৰে ৷ চিৰাং জিলাৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে সন্মানীয় অতিথিৰূপে উপস্থিত থাকি জিলা পৰ্যায়ত কৃতিত্ব অৰ্জন কৰি ৰাজ্যিক পৰ্যায়ৰ যাবলৈ যোৱা প্ৰতিযোগী সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷

অনুষ্ঠানত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা সন্মানীয় অতিথিৰূপে উপস্থিত থাকে ৷ উল্লেখযোগ্য যে, চিৰাং জিলা পৰ্যায়ত জিলাখনৰ বিজনী আৰু চিদলী-চিৰাং বিধানসভা সমষ্টিৰ পৰা মুঠ ৪১১ গৰাকী বিভিন্ন পৰ্যায়ৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷

প্ৰতিযোগিতাৰ ৰাভা সংগীতত ১২ গৰাকী, জ্যেতি সংগীতত ১১ গৰাকী, ভূপেন্দ্ৰ সংগীতত ১৭ গৰাকী আৰু ৰবীন্দ্ৰ সংগীতত ১১ গৰাকী প্ৰতিযোগীৰ লগতে সাত টা বিহু নৃত্য দলৰ লগতে মুঠ ১৭ টা বিভিন্ন জনগোষ্ঠীয় দলে অংশ গ্ৰহণ কৰে ৷