বড়োলেণ্ড

ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কৰ মাজত পাম্পছেট বিতৰন

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰৰ নাগ্ৰীজুলিত বাক্সা জিলা কৃষি বিভাগৰ উদ্যোগত তামুলপুৰ মহকুমা কৃষি বিষয়াৰ সহযোগত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় আঁচনিৰ অধীনত ৩০ গৰাকী হিতাধিকাৰী কৃষকৰ মাজত স্প্ৰিঙ্কলাৰ আৰু ৱাটাৰ পাম্প ছেট বিতৰণ কৰা হয়। ভাৰত-ভূটান সীমান্তৰ কৃষকক কিছু সকাহ দিবলৈ নাগ্ৰীজুলি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এই বিতৰণ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে মুকলি কৰে ৩০ নং গোৰেশ্বৰ বিটিআৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ পৱিত্ৰ কুমাৰ বড়োয়ে।

এই পদক্ষেপৰ জড়িয়তে ভাৰত-ভূটান সীমান্তত দীৰ্ঘদিনে কৃষকসকলে ভুগি থকা জলসিঞ্চনৰ বাবে পানী যোগান সমস্যাৰ সমাধান হ'ব বুলি বিতৰণ অনুষ্ঠানত মন্তব্য কৰে বিটিআৰৰ এমচিএলএ পৱিত্ৰ কুমাৰ বড়োৱে।

অনুষ্ঠানত তামুলপুৰ মহকুমা কৃষি বিষয়াৰ লগতে কেইবাগৰাকীও অন্যান্য বিষয়া সকল উপস্থিত থাকে উক্ত অনুষ্ঠানত। মহকুমা কৃষি উন্নয়ন বিষয়া ট্ৰিকেন্দ্ৰজিৎ তালুকদাৰ কৃষি উন্নয়ন বিষয়া সকল ক্ৰমে ডাংচৰানন বসুমতাৰী, কৌস্তুভ কিশোৰ দাস, বিশাসা দেৱী ,ভনিতা বৰুৱা, জিনামনি বৰুৱা উপস্থিত থাকে ।