বড়োলেণ্ড

তামুলপুৰত বনৰীয়া হাতীৰ উপদ্ৰব...

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ ভাৰত ভূটান-সীমান্তৰ পূৱ গুৱাবাৰীত বন্য হস্তীৰ আক্ৰমণত লণ্ড ভণ্ড দুটাকৈ চৰকাৰী বাসগৃহ। গজৰাজৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে অঞ্চলটোৰ কৃষ্ণ মায়া ভণ্ডাৰী আৰু নৰ বাহাদুৰ ভাণ্ডাৰী নামৰ লোক দুগৰাকীৰ পৰিয়ালৰ সদস্যসকলৰ ৷

জানিব পৰা মতে নিশা পাহাৰ পৰা নামি অহা গজৰাজৰ এটি দলে গাঁৱখনত নিশা প্ৰৱেশ কৰে। জাকৰ পৰা ফালৰি কাটি অহা এটি হাতীয়ে গাঁৱখনৰ কৃষ্ণ মায়া ভণ্ডাৰী আৰু নৰ বাহাদুৰ ভাণ্ডাৰীৰ বাসগৃহ আক্ৰমণ কৰি লণ্ডভণ্ড কৰাৰ লগতে বাসগৃহৰ ভিতৰত থকা ঘৰুৱা সা-সামগ্ৰীৰ ব্যাপক ক্ষতিসাধন কৰে। আনকি চাউল দাইল আদি খাদ্য সামগ্ৰীও খাই তহিলং কৰে।

অতি স্পৰ্শকাতৰ এই অঞ্চলটোত ইয়াৰ পূৰ্বেও হাতীৰ আক্ৰমণত প্ৰাণ গৈছে কেইবাজনো লোকৰ। ক্ষতিগ্ৰস্ত হৈছে বহু লোকৰ ঘৰবাৰী শস্যৰ পথাৰ তামোল নাৰিকলৰ গছ। ঘটনাস্থলীত বিটিআৰ কাৰ্যবাহী সদস্য ড° ধৰ্মনাৰায়ণ দাস উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়াল দুটাৰ খবৰ লয়।

গয়বাৰী শ্বায়পত্ৰী ফাউণ্ডেচনৰ সভাপতি, প্ৰকৃতিপ্ৰেমী যুৱক মাধৱ চেত্ৰীৰ লগতে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যলয়ৰ বগৰীখুটি বনশিবিৰৰ বলোৰাম ডেকাৰ নেতৃত্বত বনকৰ্মী আৰু বিষয়াৰ দল এটি উপস্থিত হৈ সংঘটিত ঘটনাৰ সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।