কোকৰাঝাৰত যুৱকক আক্ৰমণঃ গুৰুতৰভাৱে আহত... 
বড়োলেণ্ড

কোকৰাঝাৰত যুৱকক আক্ৰমণঃ গুৰুতৰভাৱে আহত...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত ভবানীপুৰত দেওবাৰে নিশা দুৰ্ষ্কৃতিকাৰীৰ আক্ৰমণত এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয় । আহত যুৱকজনক ভবানীপুৰ গাঁৱৰ বিশাল দাস (২৩) বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত আঘাতপ্ৰাপ্ত যুৱকজনৰ মাতৃ সাৱেত্ৰী দাসে আজি কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰি ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে ৷

ইপিনে মাতৃ সাৱেত্ৰী দাসে কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত পাথৰঘাটৰ নিৱাসী শৰৎ দাসৰ নেৰ্তৃত্বত দেওবাৰে নিশা প্ৰায় ৯-৩০ বজাত ঘৰলৈ উভতাৰ পথত তথা ঘৰ পাবলৈ মাত্ৰ কেইশমান মিটাৰ বাকী থকা অৱস্থাত তেওঁৰ সন্তান বিশাল দাসক মূৰত বাটামেৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে।

প্ৰাণৰ মমতাত বিশাল দাসে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই অহাত দুৰ্ষ্কৃতিকাৰীসকল পলায়ন কৰে। পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিশাল দাসক কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱালৈ চাই চিকিৎসকে নিশাই বৰপেটা মেডিকেল কলেজ আৰু হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও শৰৎ দাসে তেওঁৰে একালৰ কৰ্মচাৰী বিশাল দাসক মাৰপিট কৰিছিল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে । এসময়ত শৰৎ দাসৰ মোবাইল দোকানত বিশাল দাসে কাম কৰিছিল আৰু কাম বাদ দিয়াৰ পিছৰে পৰা শৰৎ দাসে বিশাল দাসক কটুক্তি কৰি আহিছিল ।

বিশাল দাস সম্প্ৰতি অইন এখন মোবাইল দোকানত কাম কৰে আৰু সেইখন দোকানৰ স্বত্বাধিকাৰীয়ে স্কুটীৰে বিশাল দাসক ঘৰৰ কাষত নমাই থৈ অহাৰ পিছতে দেওবাৰে উক্ত ঘটনাটো সংঘটিত হয় । সম্প্ৰতি অভিযুক্ত শৰৎ দাস পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে শৰৎ দাসৰ জ্যেষ্ঠ ভাতৃ ভৰত দাসক সোধপোছৰ বাবে থানালৈ লৈ আহিছে।