অসম

ৰঙিয়াৰ কৰ্তাখাতত মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াৰ কৰ্তাখাতত পানীত পৰি থকা অৱস্থাত এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধুহি -কেন্দুকোনা সংযোগী পথৰ কাষৰ পথাৰৰ পানীত উদ্বাৰ হৈছে মৃতদেহটো।

অৱশ্যে এতিয়ালৈকে মৃতদেহটোৰ প্ৰকৃত পৰিচয় পোহৰলৈ অহা নাই। ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী । উল্লেখ্য যে কেইমাহমানৰ পূৰ্বে উক্ত ঠাইত অনুৰূপ ঘটনা সংঘটিত হৈ মৃত্যু হৈছিল অসম আৰক্ষীত কৰ্তব্যৰত এজন জোৱানৰ।