অসম

চুপাৰি মাফিয়াক ধন দাবীঃ বজালীৰ আৰক্ষী অধীক্ষকক বদলি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক বদলিৰ নিৰ্দেশ বিভাগীয় কৰ্তৃপক্ষৰ। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলিৰ নিৰ্দেশ দিয়া হৈছে সিদ্ধাৰ্থ বুঢ়াগোহাঁইক। ইয়াৰ বিপৰীতে বজালীৰ নতুন আৰক্ষী অধীক্ষক হিচাপে আজাগৱাৰণ বসুমতাৰীক নিযুক্তি দিয়া হয়।

উল্লেখ্য যে, চুপাৰি মাফিয়াক ধন দাবী কৰাৰ ঘটনাৰ অভিযোগত শুকুৰবাৰে বজালীৰ ডি এছ পিকে ধৰি কেইবাজনকো আটক কৰিছিল চি আই ডিয়ে। এই ঘটনাৰ পাছতেই আৰক্ষী অধীক্ষগৰাকীক বদলিৰ নিৰ্দেশ দিয়ে অসম আৰক্ষীৰ বিভাগীয় কৰ্তৃপক্ষই।