অসম

বোকাজানত চাহ বাগানৰ মাটি বেদখলমুক্ত কৰাৰ দাবীত ওলাই আহিল চাহবাগানৰ শ্ৰমিক

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাজানঃ বোকাজানৰ নগালেণ্ড অসমৰ সীমান্তৱৰ্তী নিৰ্মলকুমাৰ টি ষ্টেটৰ ভূমি অবৈধভাবে বেদখল কৰাৰ বিৰুদ্ধে সোমবাৰে ওলাই আহিল শতাধিক চাহ শ্ৰমিক ৷ আটছাৰ নেতৃত্বত ওলাই অহা শ্ৰমিকসকলে বেদখলৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ৰ সমুখ ভাগ উত্তাল কৰে ৷

সংবাদ মাধ্যমৰ আগত শ্ৰমিক নেতৃত্বই দাবী কৰে যে সন্দেযুক্ত লোকে বাগানৰ মাটি বেদখল কৰি শ্ৰমিকসকলৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে ৷ সেয়েহে প্ৰতিবাদকাৰী সকলে এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হস্তক্ষেপ বিচাৰিছে ৷ অন্যথাই অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে নেতৃত্বই ৷

আনহাতে তেওঁলোকে উল্লেখ কৰে যে ১৯৫১ চনৰ ভূমি আইন মতে চাহবাগানৰ মাটি কোনো বাহিৰৰ লোকে বেদখল কৰিব নোৱাৰে ৷ আক্ষেপ কৰি কয় যে চাহ শ্ৰমিকসকলক কাৰ্বি আংলংত ৰাজনৈতিক স্বাৰ্থতহে ব্যৱহাৰ কৰে ৷ ইপিনে শ্ৰমিক নেতৃত্বই উল্লেখ কৰে যে ন্যায়লয়ৰ বিচৰাধীন হৈ থকা অৱস্থাত কেনেকৈ বাহিৰৰ লোকে মাটি বেদখল কৰিব পাৰে ৷ সেয়েহে বাগানৰ পৰা অবৈধ বেদখল মুক্ত কৰাৰ দাবী জনাই বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷