অসম

চলন্ত গাড়ীতেই চালকক জ্বলাই দিয়াৰ চেষ্টা আৰোহীৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বোকাখাতৰ বিহৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চলন্ত গাড়ীতেই চালকক জ্বলাই দিয়াৰ চেষ্টা আৰোহীৰ। শনিবাৰে সংঘটিত হয় এই ঘটনা।

গাড়ী ৰখাই পলাবলৈ চেষ্টা কৰোতেই আৰোহীদনে আক্রমণ কৰে চালক প্রফুল্ল বৰাক।মণ্টু হাজৰিকা নামৰ যুৱকজনৰ বিৰুদ্ধে আক্রমণৰ অভিযোগ উত্থাপন হৈছে।

গাড়ীখন যোৰহাট গড়মূৰৰ পৰা কাজিৰঙালৈ ভাড়ালৈ আনিছিল মণ্টু হাজৰিকাই। স্থানীয় লোকৰ তৎপৰতাত কথমপি ৰক্ষা চালকজনৰ।

ঘটনাৰ পাছতে অভিযুক্ত মণ্টু হাজৰিকাক ৰাইজে উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। আনহাতে আহত চালক প্রফুল্ল বৰাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

অৱশ্য কি কাৰণে আৰোহীগৰাকীয়ে এই কাণ্ড সংঘটিত কৰে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।