অসম

বোকাখাত প্ৰলয়ংকাৰী বান: ৰিলিফ মেনুৱেল সংশোধনৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ বংকোৱালত বংকোৱাল-নেঘেৰিটিং সংযোগী মথাউৰিৰ এক গুৰুত্বপূৰ্ণ অংশ বানে চিঙি পেলোৱাত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ। আকস্মিকভাৱে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত দিকবিদিক হেৰুৱাই হাহাকাৰ অৱস্থা হাজাৰ হাজাৰ পৰিয়ালৰ। কেৱল সেয়াই নহয় বোকাখাতৰ প্ৰায়বোৰ নৈপৰীয়া অঞ্চলতেই এতিয়া বন্যাৰ্তৰ হাহাকাৰ অৱস্থা।

ইতিমধ্যে বানাক্ৰান্ত পৰিয়ালসমূহক অস্থায়ী শিবিৰলৈ স্থানান্তৰ কৰি সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। যদিও কিমানে কেনেকৈ সাহাৰ্যৰ পাইছে তাৰ কোনো সঠিক তথ্য নাই। তেনে প্ৰেক্ষাপটত বোকাখাতৰ প্ৰতিটো বান আশ্ৰয় শিবিৰত জীপাল কৃষক শ্ৰমিক সংঘৰ এটা বিশেষ দলে আঁৰি দিছে দাবী সম্বলিত বিশেষ জাননী!

পুৰণি ৰিলিফ মেনুৱেলখন সংশোধন কৰি বৰ্তমানৰ বজাৰ মূল্যত আক্ৰান্ত পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী কৰিছে সংগঠনটোয়ে। আনহাতে SDRF আৰু NDRF নীতি অনুসৰি প্ৰাকৃতিক দুর্যোগত ক্ষতিগ্রস্ত ৰাইজে কৃষি, ঘৰুৱা সম্পদ আৰু পশুধনৰ বাবে উচিত ক্ষতিপূৰণৰ পাবৰ বাবে দাবী তোলাৰ লগতে সকলো বিভাগ মিলি যৌথ সমীক্ষাৰ কাম সম্পূৰ্ণ কৰাৰো আহ্বান জনাইছে সংগঠনটোয়ে।

উল্লেখযোগ্য যে প্ৰলয়ংকাৰী বানে বাৰে বাৰে অসমৰ থলুৱা ৰাইজক সৰ্বস্বান্ত কৰিছে তাত কাৰো দ্বিমত নাই। দৰাচলতে ধন জনৰ হানি কৰি জাতিটোৰ ৰাজহাঁড় নোহোৱা কৰিছে এই প্ৰলয়ংকাৰী বানে।

কিন্তু লক্ষণীয় কথা যে এই প্রাকৃতিক দুর্যোগৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰৰ নীতিৰ ভিতৰতে থকা বহু সা-সুবিধাৰ কথা যুগ যুগ ধৰি অজ্ঞ সাধাৰণ গঞা। পৰিতাপৰ কথা ইয়াৰ তথ্য সন্দৰ্ভতো নির্লিপ্ত তথা নথিবিহীন চৰকাৰ। যাৰ বাবে এতিয়া বান আশ্ৰয় শিবিৰসমূহত দাবী সম্বলিত জাননী জাৰি কৰি ৰাইজৰ সকলোধৰণৰ সম্পদৰ ক্ষয়-ক্ষতিৰ মূল্যৰ দাবী তুলিছে জীপাল কৃষক শ্ৰমিক সংঘই।

ইফালে সাধাৰণ গঞাৰ অজ্ঞতা আৰু সৰলতাৰ সুযোগ লৈ চৰকাৰে যুগ যুগ ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ জীপালৰ। ৰাজ্যিক দুর্যোগ সাহার্য পুঁজি (SDRF) আৰু ৰাষ্ট্ৰীয় দুর্যোগ সাহাৰ্য (NDRF) পুঁজিৰ শিতান থকা সম্পৰ্কে বানাক্ৰান্তৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে সংগঠনটোৱে।