অসম

অতুল বৰাৰ গৃহ সমষ্টিৰ দুৰ্দশাঃ যাতায়তৰ সমস্যাত ভাৰাক্ৰান্ত ৫ শতাধিক শ্ৰমিক পৰিয়াল

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাতঃ উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চাহ বাগিচা হিচাপে পৰিগণিত হৈ আহিছে বোকাখাতৰ নাহৰজান চাহ বাগিচা।বোকাখাত মহকুমাৰ ২১খন সৰু বৰ চাহ বাগিচাৰ অন্যতম এইখন চাহ বাগিচা।

এই নাহৰজান চাহ বাগিচাৰেই এখন শাখা বাগিচা টিপুজান চাহ বাগিচাৰ শ্ৰমিক ৰাইজে দীৰ্ঘদিনৰ পৰা ভুগী আহিছে নানান সমস্যাৰ লগতে যাতায়তৰ সমস্যাত।কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ দক্ষিণে থকা চিৰসেউজ কাৰ্বি পাহাৰৰ সীমামুৰীয়া তথা দুৰ্গম অঞ্চলত অৱস্থিত এই গাঁওখন।

ম'হ মাইকী গাওঁ পঞ্চায়তৰ অন্তৰ্গত গাওঁখনত জীৱন ধাৰণৰ নূন্যতম সা-সুবিধাৰ পৰাও বঞ্চিত বাগিচাখনৰ শ্ৰমিক সকল।পাহাৰৰ পৰা নামি অহা বন্য হস্তীৰ লগতে আন বন্য জন্তুৱে দীৰ্ঘদিনৰ পৰাই ত্ৰাসৰ সৃষ্টি কৰি আহিছে সীমামূৰীয়া এই গাওঁখনত। বিশুদ্ধ খোৱা পানী,চিকিৎসা সেৱা তথা ৰাস্তা- ঘাটৰ সমস্যাই জুৰুলা কৰি আহিছে গাওঁখনৰ প্ৰায় পাঁচ শতাধিক শ্ৰমিক পৰিয়ালক।

যাতায়ত ব্যৱস্থা অত্যন্ত শোচনীয় হোৱাৰ বাবেই দুৰ্গম অঞ্চলটোলৈ সততে যাব নিবিচাৰে স্বাস্থ্যকৰ্মীৰ লগতে স্বাস্থ্য বিভাগৰ বাহন।

যাৰ বাবে জৰুৰীকালীন সময়ত সমস্যাৰ সন্মুখীন হোৱাৰ লগতে চিকিৎসাৰ অভাৱত ৰোগী মৃত্যুৰ মুখত পৰাৰ ঘটনা বহুবাৰ সংঘটিত হৈ আহিছে অঞ্চলটোত।তাৰোপৰি পথৰ দুৰৱস্থাৰ বাবেই স্কুল কলেজলৈ যোৱা ছাত্র ছাত্ৰীয়ে সমস্যাৰ সন্মুখীন হৈ অহাৰ লগতে আধাতে বিদ্যালয় ত্যাগ কৰিব লগা হৈছে বহু ছাত্র ছাত্ৰীয়ে।

ইফালে কাৰ্যকালৰ ৭ টাকৈ বছৰ অতিক্ৰম কৰা বোকাখাতৰ বিধায়ক তথা জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাক বহু বাৰ আবেদন নিবেদন কৰিও আজি পৰ্যন্ত দুৰ্গম অঞ্চলটোৰ চাহ শ্ৰমিক ৰাইজে লাভ নকৰিলে এটা সুচল বাট-পথ। আনহাতে নিৰ্বাচনৰ সময়ত অঞ্চলটোলৈ ভোট বিচাৰি যোৱা বিধায়ক অতুল বৰাই পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাত এতিয়া ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।