অসম

কে টি এম চোৰ পৰিল আৰক্ষীৰ জালত…

asomiyapratidin

ডিজিটেল সংবাদ বকোঃ বকো আৰক্ষীৰ জালত পৰিল দুধৰ্ষ বাইক চোৰ। গুৱাহাটী মহানগৰ আয়ুক্ত হৰমিৎ সিংৰ গোপন খবৰৰ ভিত্তিত বকো আৰক্ষীয়ে আটক কৰিছে দুধৰ্ষ বাইকটোক। আটকাধীন বাইক চোৰটোৰ নাম ৰাতুল আলী। ট

ধৃত ৰাতুল আলীৰ ঘৰ তামুলপুৰত। ৰাতুলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এখন কে টি এম আৰ চি ২০০ বাইক। উদ্ধাৰ হোৱা বাইকখনৰ নম্বৰ এ এছ ০১ ই জেড ০৭০৩। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ নাথৰ নিৰ্দেশত উপ-পৰিদৰ্শক অপূৰ্ব কলিতাই জব্দ কৰে বাইকসহ চোৰটোক।

বৰ্তমান অধিক তথ্যৰ বাবে ধৃত চোৰটোক জেৰা চলাই আছে বকো আৰক্ষীয়ে।