ছেপ্টিপিন খোৱা সাতমহীয়া শিশুৰ সাত দিনৰ মৰণকাতৰ সংগ্ৰাম... 
বঙাইগাঁও

ছেপ্টিপিন খোৱা সাতমহীয়া শিশুৰ সাত দিনৰ মৰণকাতৰ সংগ্ৰাম...

Asomiya Pratidin

ডিজিটেল সংবাদ বঙাইগাঁওঃ বঙাইগাঁৱৰ এক কৰুণ কাহিনীয়ে ভবাই তুলিছে সকলোকে ৷ এটি কণমানি সাতমহীয়া শিশুৱে মাকৰ কাপোৰত লাগি থকা দুটাকৈ ছেপ্টিপিন খোৱাৰ পিছতে লাগিল হাহাকাৰ ৷

এইকণমানি দেৱতুল্য শিশুটিৰ প্ৰাণ বছাবলৈ হচকিত কৰি তুলিছিল সকলোকে। অৱশেষত সাত দিন পিছত দৈব্যক্ৰমে ৰক্ষা পৰে কণমানি মৰমলগা শিশুটি ৷ ঘটনাটো বঙাইগাঁও চহৰৰ দোলাইগাঁও উজানপাৰাৰ ৷

এই সাতমহীয়া দেৱশিশুটিয়ে ছেপ্টিপিন খোৱাৰ পাছতে সাতদিন ধৰি যন্ত্ৰনা আৰু বঙাইগাঁও চহৰৰ বিভিন্ন ডাক্তৰ, হাস্পতালৰ উপৰিও গুৱাহাটীৰ কেইবাখনো চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে চটফটাই ফুৰিও উপযুক্ত চিকিৎসা নপোৱাত অৱশেষত বঙাইগাঁও জিলাৰ একাংশ সমাজকৰ্মীৰ সহযোগত ৰাজ্য চৰকাৰৰ মু্খ্যমন্ত্ৰীৰ পৰোক্ষ সহায় আৰু মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ তৎপৰতাত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ সহায়ত জীৱন ৰক্ষা পৰে।

জানিব পৰা মতে এই ঘটনাৰ আৰম্ভণি হয় যোৱা মাহৰ ২৬ জুলাইৰ দিনা ৷ ঘটনা অনুসৰি বঙাইগাঁও চহৰৰ দোলাইগাঁও উজানপাৰাৰ ভাৰতীয়া হিচাবে থকা নিহাল মুৰ্মু আৰু মেৰী মুৰ্মূ নামৰ দম্পতীৰ সাতমহীয়া সন্তান আয়ন মুৰ্মূ ৷ এই দেৱতুল্য শিশু সন্তাটিয়ে যোৱা ২৬ জুলাইত খেলি থকা অৱস্থাতে খাইছিল দুটাকৈ ছেপ্টিপিন ৷

এটা বন্ধ ,এটা খোলা ৷ এই ছেপ্টিপিন দুটা মাকৰ কাপোৰত লগোৱা অৱস্থাত আছিল ৷ মাকৰ অজ্ঞাতে শিশুটিয়ে ছেপ্তিপিন দুটা খাই দিয়ে ৷ ইয়াৰে এটি ছেপ্টিপিন গলৰ কিছু ভিতৰত প্ৰৱেশ কৰি থকা অবস্থাত মাকে দেখা পাইছিল আৰু খুলি থকা ছেপ্টিপিনটো মাকৰ প্ৰচেষ্টাত বাহিৰলৈ উলিয়াই আনে যদিও আনটো ছেপ্টিপিন মাকে বিচাৰি পোৱা নাছিল ৷

ততাতৈয়াকৈ প্ৰথমতে বঙাইগাঁও ল’ৱাৰ আসাম হাস্পাতাললৈ লৈ যোৱা হয় শিশুটিক ৷ ইয়াত এক্সৰে কৰাত শিশুটিৰ খাদ্যনলী আৰু হাওঁফাওৰ নলীৰ ওচৰত ছেপ্টিপিনটোৰ অৱস্থান ধৰা পৰে ৷ কিন্তু ল’ৱাৰ আসাম হাস্পতালৰ পৰা শিশুটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱাৰ পৰামৰ্শ প্ৰদান কৰে ৷

কিন্তু ধনৰ অভাৱত তেওঁলোকে শিশুটিক বঙাইগাঁৱতে চিকিৎসা কৰাৰ চিন্তা কৰে আৰু উক্তদিনাই বঙাইগাঁৱৰ এগৰাকী ই এন টি চিকিৎসক ডাঃ পি কে ৰয়ৰ ওচৰত লৈ যায়।চিকিৎসক জনে এদিন- দুদিন পৰ্যবেক্ষণ কৰি কৈছিল বমি অথবা শৌচৰ লগত ওলাই যাব পাৰে এই ছেপ্টিপিন । কিন্তু ২৭ জুলাইৰ নিশা লৈকে শিশুটিয়ে গোটেই নিশা ছটফটাই থাকে।

ইয়াৰ পাছতে শিশুটিৰ মাতৰ পৰিবৰ্তন ঘটে আৰু যন্ত্ৰনাত চিৎকাৰ কৰি থকাৰ বাবে ২৮ জুলাইত লৈ যোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যন্ত্ৰাংশ বিকল হৈ থকাৰ কাৰণে শিশুটিক চিকিৎসা কৰিব পৰা নাযাব বুলি ডাক্তৰে প্ৰকাশ কৰাত অন্য চিকিৎসালয়লৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে৷

উপায়ন্তৰ হৈ পিতৃ-মাতৃয়ে শিশুটিক লৈ বঙাইগাঁৱলৈ ঘূৰি আহে। শিশুটিক লৈ বিপাঙত পৰা পিতৃ মাতৃয়ে ইয়াৰ পাছত ২৯ জুলাইত পুনৰ ল'ৱাৰ আসাম হাস্পতাললৈ লৈ যোৱা হয় শিশুটিক। কিন্তু ইয়াৰ পৰা শিশুটিক গুৱাহাটীলৈ লৈ যোৱাৰ বাবে পুনৰ পৰামৰ্শ প্ৰদান কৰে ডাক্তৰে৷

সাধাৰণ কাম কৰি পৰিয়ালটো পোহপাল দিয়া শিশুটিৰ পিতৃয়ে চিকিৎসা খৰচ কৰাৰ ক্ষেত্ৰত অপাৰগ হৈ পৰাত হাহাকাৰ অৱস্থা হয় আৰু ইয়াৰ পাছত তেওঁ আশা কৰ্মী পাৰ্বতী ৰায় আৰু স্থানীয় সমাজকৰ্মী পুনম ৰায়ৰ জৰিয়তে বঙাইগাঁও উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ গোপেশ্বৰ তালুকদাৰৰ সৈতে যোগাযোগ কৰে। শিশুটিৰ চৰকাৰী ভাবে চিকিৎসাৰ সহায় বিচাৰি অধ্যক্ষ গৰাকীৰ কাষ চপাত তেওঁ এই বিষয়ে বঙাইগাঁও জিলা উপায়ুক্তৰ সৈতে যোগাযোগ কৰে।

তেওঁ উপায়ুক্তৰ জৰিয়তে বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰাৰ কাৰণেও অনুৰোধ জনায়। কাৰণ উক্ত সময়ছোৱাত বঙাইগাঁৱত অনুষ্ঠিত হৈ আছিল আৰক্ষী অধীক্ষক সন্মিলন ৷ এই সন্মিলনত বঙাইগাঁৱত উপস্থিত আছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷

মুখ্যমন্ত্ৰীক বিষয়টো অৱগত কৰা হ'ব বুলি জনাই জিলা উপায়ুক্তগৰাকীয়ে শিশুটিক তৎক্ষণাত গুৱাহাটীলৈ লৈ যাবলৈ পৰামৰ্শ প্ৰদান কৰে। সেই অনুসৰিয়েই ২৯ জুলাইত শিশুটিক পুনৰ লৈ যোৱা হয় গুৱাহাটী জি এন আৰ চিলৈ ৷

জি এন আৰ চিত শল্য চিকিৎসক নথকাৰ কাৰনে ইয়াতে এই চিকিৎসা সম্ভৱ নহ'ব বুলি জনাই দিয়ে আৰু অন্য চিকিৎসালয়লৈ নিবলৈ কয় ৷ বিপদত কুলাই পাচি নধৰা হোৱা পৰিয়ালটো ইখনৰ পিছত সিখন চিকিৎসালয় ঘূৰি ভাগৰুৱা হৈ পৰে।

পিছত উক্ত দিনাই শিশুটিক লৈ যোৱা হয় হায়াত হাস্পতাললৈ ৷ কিন্তু তাতো চিকিৎসকে শিশুটিক প্ৰতীক্ষা হাস্পতাললৈ লৈ যাবলৈ পৰামৰ্শ প্ৰদান কৰে। ইয়াৰ পাছৰ দিনা পুৱতি নিশা প্ৰায় ২.৩০ বজাত শিশুটিক ভৰ্তি কৰা হয় প্ৰতীক্ষা হাস্পতালত ৷

প্ৰতীক্ষা হাস্পতালত ৪ দিন ধৰি চিকিৎসা চলি থকাৰ মাজতে যোৱা ২ আগষ্টৰ ৰাতিপুৱা শিশুটিয়ে শৌচ কৰোতে শৌচৰ লগত ওলাই যায় এই ছেপ্টিপিনটো ৷ আৰু দৈবক্ৰমে ৰক্ষা পৰে শিশুটি ৷

অৱশ্যে প্ৰতীক্ষাত শিশুটিৰ চিকিৎসাৰ বাবদ বিল হয় প্ৰায় ৬৫ হেজাৰ টকা ৷ ইপিনে বিল নিদিয়াৰ বাবে হাস্পতালখনৰ পৰা যাবলৈ অনুমতি দিয়া নাছিল কৰ্তৃপক্ষই। আয়ুস্মান স্বাস্থ্য যোজনাৰ কাৰ্ড হোল্ডাৰ প্ৰতীক্ষা হাস্পতালত এই সেৱা উপলব্ধ নথকাৰ কাৰনে বিপাঙত পৰিবলগীয়া হয় পৰিয়ালটো ৷

উপায়হীন হৈ পৰিয়াটোৱে পুনৰ যোগাযোগ কৰে বঙাইগাঁও উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ গোপেশ্বৰ তালুকদাৰৰ সৈতে ৷ অধ্যক্ষ তালুকদাৰে নিজে ৩০ হেজাৰ টকা দিয়াৰ লগতে তেওঁৰ অনুৰোধত বঙাইগাঁৱৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসে ১০ হেজাৰ টকা প্ৰদান কৰে আৰু সকলো ব্যৱস্থাৰ বাবে ডাক্তৰৰ লগত যোগাযোগ কৰে ৷

বঙাইগাঁৱৰ এনে কিছু মানৱদৰদী মানুহৰ সহায়ত হাস্পতালৰ বিল পৰিশোধ কৰি শিশুটিক লৈ বঙাইগাঁৱৰ ঘৰত বৃহস্পতিবাৰে আহি উপস্থিত হয় পৰিয়ালটো ৷ সুস্থ অবস্থাত শিশুটি ঘৰলৈ অহাৰ পিছত অঞ্চলবাসী ৰাইজে আবেগ- আনন্দত উৎফুল্লিত হৈ পৰে ৷

উল্লেখ্য যে সাধাৰণ গৰীব জনতাৰ ভৰসাৰথলী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যদি এনে চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হয় তেনেহলে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত ফপোলা স্বৰূপটো কি সেয়া ওলাই পৰে । আয়ুস্মান যোজনাৰ হিতাধিকাৰী হোৱাৰ পাছতো এই সেৱাৰ পৰা এটি দুখীয়া পৰিয়ালে বঞ্চিত হোৱাক কেন্দ্ৰ কৰিও প্ৰশ্ন উত্থাপন হৈছে।