বঙাইগাঁও

সাংবাদিক জয়ন্ত কুমাৰ দাসৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান

Asomiya Pratidin

ডিজিটেল সংবাদ,হাউলী : বৰপেটা জিলা সাহিত্য সভাৰ সম্পাদক, অসম নাট্য সন্মিলন বৰপেটা জিলা সমিতিৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাস যোৱা ৮ জুলাইৰ পৰা বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। সাংবাদিকগৰাকীৰ দুটাকৈ জটিল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পিছত আন এক জটিল ৰোগত আক্ৰান্ত হৈ স্বাস্থ্যৰ গুৰুতৰভাৱে অৱনতি ঘটিছে।

এনে পৰিপ্ৰেক্ষিতত তেঁওৰ কাষত থিয় হৈছেকেইগৰাকী বিশিষ্ট ব্যক্তি। তেঁওলোকৰ প্ৰচেষ্টাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে ধৰি চিকিৎসকসকলে আগবঢ়োৱা অবিৰত চিকিৎসা প্ৰদানৰ পিছত বৰ্তমানে সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ কিছু উন্নতি হৈছে।

এইক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছে বৰপেটাৰ সাংবাদিক কমলেশ বৈশ্য, নৱজিৎ দাস আৰু বৰপেটাৰোডৰ সাংবাদিক ধ্ৰুৱজ্যোতি নাথে। তাৰোপৰি সহযোগ কৰিছে বৰপেটা আৰু বৰপেটাৰোড প্ৰেছক্লাব, বিশিষ্ট সমাজ সংগঠক বনমালী পাঠক, ৰঞ্জিত তালুকদাৰ আৰু হাউলীৰ প্ৰাক্তন সাংবাদিক যুগান্ত বায়নে।

১৭ জুলাইত হাউলী সংগ্ৰামী সতীৰ্থ সন্মিলনৰ উপদেষ্টা তথা বিশিষ্ট নাগৰিক মহানন্দ কুমাৰ পাঠক আৰু হাউলী নাগৰিক সমিতিৰ সভাপতি তথা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তৰণী কুমাৰ পাঠকে হাউলী নাগৰিক সমাজৰ হৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত সাংবাদিকগৰাকীক সাক্ষাৎ কৰি স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বিষয়ে বুজ লয়। লগতে সাংবাদিকগৰাকী অতি সোনকালে আৰোগ্য লাভ কৰি অসমৰ সংবাদ তথা জাতীয় জীৱনৰ উত্তৰণৰ বাবে নিজকে আত্মনিয়োগ কৰাৰ বাবে সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে।

সাংবাদিকগৰাকী দীৰ্ঘদিন ধৰি এক ব্যয়বহুল চিকিৎসাৰ অধীনত থকাৰ বাবে বৰ্তমানে তেওঁৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে। আনকি সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত উন্নতিৰ বাবে প্ৰয়োজন হোৱা ঔষধ আৰু স্বাস্থ্য উপযোগী খাদ্য ক্ৰয়ৰ বাবে ধনৰ নাটনি হৈছে।

ফলত সাংবাদিকগৰাকী এক মানসিক অন্তঃদ্বন্দ্বত দিন কটাবলগীয়া হৈছে। সংগ্ৰামী সতীৰ্থ সন্মিলন হাউলীৰ উপদেষ্টা যুগান্ত বায়নে বৰ্তমানে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা জাতীয় জীৱনৰ এগৰাকী অতি সক্ৰিয় ব্যক্তি জয়ন্ত কুমাৰ দাসৰ চিকিৎসাৰ বাবে ভৱিষ্যতে প্ৰয়োজন হোৱা ধনৰ নাটনি দূৰ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক এক আৰ্থিক অনুদান আগবঢ়াবলৈ আহ্বান জনাইছে।