বঙাইগাঁও

বঙাইগাঁৱত আইঅ'চিএলৰ জৰুৰীকালীন চিকিৎসা কিট প্ৰদান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আইঅ'চিএলৰ বঙাইগাঁও শোধনাগাৰে ইণ্ডিয়ান অইলৰ 'কেয়াৰ'ৰ অধীনত, চিৰাঙৰ জিলা প্ৰশাসন সহযোগত চিৰাং জিলাৰ আশাকৰ্মীলৈ জৰুৰীকালীন চিকিৎসা কিট বিতৰণ কৰে। ৰাজ্যসভাৰ ৰণগৌৰা নাৰ্জাৰী লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক অজয় কুমাৰ ৰায়, চিৰাঙৰ আয়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডী আৰু জিলা প্ৰশাসনৰ কাৰ্যবাহী সঞ্চালক নয়ন কুমাৰ বৰুৱাই আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী উদ্বোধন কৰে।

উক্ত কাৰ্যসূচী ইএমএছৰ জেনেৰেল মেনেজাৰ মুসুখা বড়োৱে এক ভাষণেৰে আৰম্ভ কৰে। গ্ৰাম্য অঞ্চলৰ স্বাস্থ্যকৰ্মীসকল তথা স্বাস্থ্য আশাকৰ্মীৰ মৌলিক জৰুৰীকালীন চিকিৎসা কিট প্ৰদান, সম্প্ৰদায়ৰ সমৰ্থন প্ৰচেষ্টাত পদক্ষেপ লোৱা আৰু সমাজত ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে বিজিআৰ চিএছআৰ উদ্যোগে সদায়ে আগভাগ লয়।

জিলাখনত প্ৰাথমিক স্বাস্থ্য সেৱা শক্তিশালী কৰাৰ বাবে, চিৰাং জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আশাকৰ্মীসকলৰ বাবে চিকিৎসা সঁজুলি প্ৰদানৰ বাবে অনুৰোধ কৰিছিল। এই অনুৰোধ ৰক্ষা কৰি আইঅচিএলে এই চিকিৎসা কিট প্ৰদান কৰে। প্ৰদান কৰা চিকিৎসা জৰুৰীকালীন কিটত আছে গ্লুকোমেটাৰ, বিপি মেচিন, ষ্টেথোস্কোপ, থাৰ্মোমিটাৰ ইত্যাদি।

বঙাইগাঁও শোধনাগাৰে পূৰ্বৰে পৰা আঞ্চলিক বিকাশৰ বাবে কাম কৰে। আৰম্ভণিৰ পৰাই বঙাইগাঁও শোধনাগাৰে ইয়াৰ চিএছআৰ নীতিৰ অধীনত সকলো দিশতে প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছে। চি.এছ.আৰে শিক্ষা, স্বাস্থ্যসেৱা, মহিলা সৱলীকৰণ, দক্ষতা বিকাশ, গ্ৰাম্য বিকাশ আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। যোৱা বিত্তীয় বৰ্ষত বিজিআৰে চিৰাঙৰ জিলা যক্ষ্মা কেন্দ্ৰ আৰু জেএছবি অসামৰিক চিকিৎসালয়ত বিভিন্ন চিকিৎসা সঁজুলি প্ৰদান কৰে।