অসম

কনকলতা আদৰ্শ ছোৱালী হাইস্কুলত গ্ৰন্থ উন্মোচনী সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,ছয়দুৱাৰ: গহপুৰ মহকুমাৰ অন্তৰ্গত বৰঙাবাৰীস্থিত কনকলতা আদৰ্শ ছোৱালী হাইস্কুলত শনিবাৰে এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। কনকলতা আদৰ্শ ছোৱালী হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষয়ত্ৰী তথা সাংস্কৃতিক কৰ্মী অপৰাজিতা বৰাৰ দুখনি গ্ৰন্থ আনুষ্ঠানিকভাৱে এই সভাতেই উন্মোচন কৰা হয়। বিশ্বনাথ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী তথা বিশিষ্ট লেখিকা,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী ৰেণু শইকীয়া বৰাৰ সভাপতিত্বত দিনৰ ১২ বজাত অনুষ্ঠিত সভাখনি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়।

বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী নিৰ্মালী বৰাই বন্তি প্ৰজ্বলন কৰাৰ পাছতে কনকলতা আদৰ্শ ছোৱালী হাইস্কুলৰ ছাত্ৰীসকলে আৰম্ভণি গীত পৰিৱেশন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

অৱসৰী শিক্ষক তথা লেখক দ্বিজেন ভূঞাই আঁতধৰা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে কবি-সমালোচক তথা সাংবাদিক বিপুল কুমাৰ দিহিঙীয়াই। তেওঁ ভাষণ প্ৰসংগত লেখিকা তথা শিক্ষয়িত্ৰী অপৰাজিতা বৰাৰ সাহিত্য কৃতি সম্পৰ্কে নাতিদীৰ্ঘ বক্তব্য ৰাখি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ ভাষণ প্ৰসংগত লেখিকা অপৰাজিতা বৰাৰ গীতি কবিতা সম্পৰ্কে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। গহপুৰৰ বিভিন্ন মঞ্চত ইতিমধ্যে লেখিকা তথা গীতিকাৰ অপৰাজিতা বৰাৰ ভালেসংখ্যক গীত আৰম্ভণি গীত হিচাপে পৰিৱেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা কথাও আনুষ্ঠানিকভাৱে অৱগত কৰে। ইয়াৰ উপৰি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জীৱন পৰিক্ৰমা সুন্দৰ ৰূপত উপস্থাপন কৰিছে লেখিকা গৰাকীৰ প্ৰথম খনি গ্ৰন্থ ''হে মহান, তুমি অনন্য'' গীতি নৃত্য নাটিকাখনিত।

গাম্ভীৰ্য্যপূৰ্ণ সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সুৰভি সাহিত্য সমাজৰ সভাপতি নিত্য ভূঞা আৰু দ্বিজেন ভূঞাই লেখিকা অপৰাজিতা বৰাৰ ''হে মহান, তুমি অনন্য'' আৰু ''গীতমালা'' উন্মোচন কৰে। দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে উন্মোচনী ভাষণ প্ৰসংগত লেখিকাগৰাকীৰ সাহিত্য কৰ্মক শলাগ জনোৱাৰ লগতে আৰু লিখি যাবলৈ পৰামৰ্শ আগবঢ়ায়।

আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰা বিশিষ্ট লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সেউতী বৰা, ডিম্ব বাৰিক, সিদ্ধেশ্বৰ হাজৰিকা, জিতেন্দ্ৰ চলিহাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰখা সভাত সংগীত শিল্পী বিজয় বৰা, শিক্ষয়িত্ৰী নামাঞ্জলি বৰা, জিতেন্দ্ৰ চলিহাই গীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে।

সভাত বিশিষ্ট সংগীত শিল্পী বিজয় বৰা, বিশ্বনাথ জিলা কবি সন্মিলনৰ সম্পাদক অনিত শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী তৃপ্তি ৰাজখোৱা বৰা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডিম্ব বাৰিক, বিশিষ্ট সমাজকৰ্মী তথা সাহিত্য-সংস্কৃতিৰ সংগঠক সিদ্ধেশ্বৰ হাজৰিকা, শ্বহীদ মুকুন্দ কাকতি হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক ৰূপক ৰাজখোৱা, সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান নৱৰূপাৰ সভানেত্ৰী ভাৰতী বৰা, শিক্ষয়ত্ৰী বাণীকংকনা বৰা, শিক্ষক ভৱেন শইকীয়া, যোগ নাথ সোঁৱৰণী শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্যা দীপা বৰা, ৰাতুল বৰা, সাংবাদিক অভিজিত দাস, ৰেখা ফুকন, নাচিৰ আলি, পুতলী বৰুৱা, কুঞ্জ বৰুৱা, আইমণি নাথ, অনিমা বৰুৱা, সুভাস দাসৰ লগতে তেজপুৰৰ পৰা অহা অতিথি জিতেন্দ্ৰ চলিহা আৰু অজয় আচাৰ্যকে ধৰি ভালেসংখ্যক গণ্য-মান্য লোকে গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি অনুষ্ঠান সজীৱ কৰি তোলে।

উল্লেখ্য যে গহপুৰৰ হেলেম মিছামাৰীৰ এটি সংস্কৃতিবান পৰিয়ালত জন্মগ্রহণ কৰা পিতৃ বিশিষ্ট সমাজকর্মী তথা স্বাধীনতা সংগ্রামী প্রয়াত হৰিপ্ৰসাদ বৰা আৰু মাতৃ বিৰবালা বৰাৰ সন্তান অপৰাজিতা বৰাই শিশুকালতে মইনা পাৰিজাতৰ জিলাভিত্তিক লোকগীত প্রতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে। স্কুলত পঢ়ি থকা সময়ত বিদ্যালয়ৰ বাৰ্ষিক অধিবেশন আৰু বিভিন্ন অনুষ্ঠানত নৃত্য প্রদর্শন কৰি আধুনিক নৃত্য (একক আৰু দলীয়)ত প্রথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

পঢ়া-শুনাৰ সমান্তৰালকৈ গীত, কবিতা, গল্প আদি চর্চা অব্যাহত ৰখা এইগৰাকী লেখিকাৰ আলোচনীত প্রবন্ধ প্রকাশ পাই আহিছে। ডেৰশৰো অধিক গীত ৰচনা কৰা লেখিকাগৰাকীয়ে প্রায় ১০ বছৰ ধৰি তেওঁ ৰচনা কৰা দেশপ্রেমমূলক গীত বিভিন্ন মঞ্চত পৰিৱেশন কৰি শ্রোতা-দর্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰি আহিছে। ইতিমধ্যে তেওঁৰ কেইবাটাও গীত বাণীবদ্ধ কৰা হৈছে আৰু শ্রোতাই আদৰি লৈছে।

ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত ৰচনা কৰা গীতি নৃত্য-নাটিকা 'হে মহান, তুমি অনন্য' ইতিমধ্যে গ্রন্থ আকাৰত প্ৰকাশ পাইছে। তেওঁৰ কেইবাখনো গীতি নৃত্য-নাটিকা অপ্রকাশিত অৱস্থাত আছে। তাৰে ভিতৰত 'শৰতত ফুলৰ মহামেল', 'সেউজী অসমী আইৰ কোলাত আমি' আৰু 'দধিমথন'। এই 'দধিমথন' নৃত্য-নাটিকাখনি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত 'অর্জুন-ভঞ্জন' যাত্ৰাৰ আলমত ৰচিত। উল্লেখ্য যে আটাইকেইখন নৃত্য-নাটিকা প্রদর্শন কৰি দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ অহা লেখিকাগৰাকী 'শিক্ষাবিজ্ঞান' আৰু 'অসমীয়া' দুয়োটা বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী। ২০১২ চনৰ পৰা কনকলতা আদর্শ ছোৱালী হাইস্কুলত সহকাৰী প্ৰধান শিক্ষয়িত্ৰী পদত কৰ্মৰত হৈ থকা লেখিকাগৰাকীৰ দুয়োখন গ্ৰন্থ অসমৰ অন্যতম প্ৰকাশন‌ প্ৰতিষ্ঠান সৃষ্টি প্ৰকাশে প্ৰকাশ কৰি উলিয়াইছে। আজি গ্ৰন্থ উন্মোচনী সভাত বিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, সাহিত্যনুৰাগী লোকে অংশগ্ৰহণ কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।