অসম

বৰহোলাত আজিৰে পৰা পঞ্চদশ বাৰ্ষিক বৰহোলা গ্ৰন্থমেলা

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰৰ বৰহোলাত শুকুৰবাৰৰ পৰা ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পঞ্চদশ বাৰ্ষিক গ্ৰন্থমেলা।

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰহোলা মহাবিদ্যালয়ৰ পুথিভঁৰালৰ সহযোগত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ উপস্থিতিত পুৱাৰে পৰা উদুলি-মদুলি পৰিৱেশ বিৰাজ কৰিছে।

পুৱা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ সভাপতি দেৱজিৎ পাঠক আৰু উদযাপন সমিতিৰ সভাপতি বিজয় মোহন সন্দিকৈৰ পতাকা উত্তোলন, মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ সচিব প্ৰধান বিকাশ গগৈৰ স্মৃতি তৰ্পন, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ দিগন্ত বৰা, বৰহোলা মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ কুমাৰ খাউণ্ড, যুৱ সাংবাদিক অজয় শইকীয়াৰ বৃক্ষ ৰোপনেৰে কাৰ্যসূচী শুভাৰম্ভ হয়। যুৱ সমাজকৰ্মী বিজয় হাজৰিকাই আঁত ধৰা আৰু প্ৰৱক্তা অমল সোণোৱালে পৰিচালনা কৰা অনুষ্ঠানত পঞ্চদশ বৰ্ষৰ বৰহোলা গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বুধীন্দ্ৰ নাথ হাজৰিকাই। কাৰ্যসূচীত অংশগ্ৰহণ কৰে অঞ্চলটোৰ কেইবাজনো গণ্যমান্য ব্যক্তিয়ে।