অসম

বহিঃৰাজ্যত সন্ধানহীন নগাঁৱৰ যুৱক! চিন্তাত পৰিয়াল

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ সুঁতিৰপাৰ আৰক্ষী চকীৰ এলেকাধীন ফুৰহানিআটিৰ দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক বহিঃৰাজ্যত সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ফুৰহানিআটিৰ ফইজুল ইছলামৰ ২১ বছৰীয়া পুত্ৰ আশিক এলাহি প্ৰায় এমাহ পূৰ্বে লগৰীয়াৰ লগত কৰ্ম-সংস্থাপন বিচাৰি কেৰেলালৈ গৈছিল যদিও কেৰেলালৈ যোৱাৰ পিছৰে পৰা পৰিয়ালৰ লগত যোগাযোগ বিচিন্ন হৈ পৰে। অতিকে দৰিদ্ৰ পৰিয়ালৰ  আশিক এলাহি হঠাতে এনেদৰে বহিঃৰাজ্যত নিৰুদ্দেশ হোৱাত হতভম্ব হৈ পৰিছে পৰিয়ালবৰ্গ। কেৰেলাত কোনো দালাল চক্রৰ কবলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

ইফালে, যুৱকজন সন্ধানহীন হোৱা সন্দৰ্ভত ইতিমধ্যে যুৱকজনৰ দুৰ্ভগীয়া মাতৃয়ে যোৱা ২৫ অক্টোবৰত সুঁ‌তিৰপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। টি-চাট আৰু পেণ্ট পৰিধান কৰা শ্যাম বৰণৰ ৫ ফুট উচ্চতাৰ যুৱকজনৰ কোনো লোকে কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নাইবা ৯৪৩৫৮৬৯২৬০ আৰু ৭০০৫৭৯০৩৭৫ নম্বৰত যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে নিৰুদ্দিষ্ট যুৱকজনৰ পৰিয়ালৰ লোকে।