অসম

ইউপিপিএল দলক প্ৰতাৰকৰ দল আখ্যা খাম্ফা বৰগয়াৰীৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ দেওবাৰে ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰাৰ পিছত চিৰাঙৰ কাশিকোত্ৰা স্থিত ব্লক বিপিএফ কাৰ্যালয়ত ১নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীৰ এখন সংবাদমেল অনুষ্ঠিত কৰা হয়।

সংবাদ মেলত খাম্ফা বৰগয়াৰী বিগত সময়ত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচি চৰকাৰ গঠন হোৱাৰে পৰা বিপিএফ দলে শিক্ষা, স্বাস্থ্য সেৱা, কৃষি ক্ষেত্ৰ, জলসিঞ্চন, যোগাযোগৰ ক্ষেত্ৰত ৰাস্তাঘাট, দলং আদি কৰি ৪০ টা বিভাগত কি কি উন্নয়ণ মূলক কাম কৰা হৈছে তাৰ চমু খতিয়ান দাঙি ধৰাৰ চেষ্টা কৰে। উক্ত বিপিএফ দলৰ উক্ত উন্নয়নমূলক কামকাজৰ বিপৰীতে ২০২০ চনত বিটিচিবাসী ৰাইজক পৰিবৰ্তনৰ ভুৱা প্ৰতিশ্ৰতি দি প্ৰমোদ বড়োৰ নেতৃত্বত শাসনত অহা ইউপিপিএল দলে একো কামকে কৰিব পৰা বুলি দাবী কৰে।

খাম্ফা বৰগৱাৰীয়ে ইউপিপিএল দলক প্ৰতাৰকৰ দল বুলি আখ্যা দিয়ে। ইউপিপিএল দলে বিগত সময়ছোৱাত ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি কাম নকৰাৰ বাবে এইবেলি বিটিচিবাসী তথা ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিবাসী ৰাইজে বিপিএফ দলক ভোট দিব বুলি কয়। সাংসদ হিচাপে নিৰ্বাচিত হ'লে বিশেষকৈ কোঁচ-ৰাজবংশী আৰু আদিবাসী সকলৰ জনজাতিকৰণৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে সংসদৰ মজিয়াত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব।

সামান্তৰালভাৱে ডি ভোটাৰ সমস্যা, বিদেশী সমস্যা, আদি কৰি অন্যান্য জনগোষ্ঠীৰ সমস্যা সমুহ সংসদত উত্থাপন কৰি সমাধান কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে খাম্পা বৰগয়াৰীয়ে। প্ৰচাৰ অভিযানত অন্তিম মুহুৰ্তত খাম্ফা বৰগয়াৰীয়ে সংবাদ মেলত অহা ৭ মে তাৰিখে যি ভোটগ্ৰহণ অনুষ্ঠিত হবলৈ গৈ আছে সেই ভোটত তেখেতৰ বিজয় নিশ্চিত তথাপিও উক্ত দিনা সকলো নাগৰিকক ঘৰৰ পৰা ওলাই আহি বিপিএফ দল তথা তেখেতক অধিক হাৰত ভোটদান কৰি বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় ।

আজিৰ সংবাদমেল মেলত বিপিএফ দলৰ উপসভাপতি শুদ্ধ বসুমতাৰী, জেষ্ঠ্য নেতা শুকুৰ সিং মুছাহাৰী, কেন্দ্ৰীয় সমিতিৰ নেতা প্ৰদীপ দত্ত সহ বিপিএফ ব্লক পৰ্যায়ৰ বহু নেতা কৰ্মী উপস্থিত থাকে ।