অসম

অবৈধ ইটা ভাটাৰ বিষাক্ত ধোঁৱাই অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে মানকাচৰত

Asomiya Pratidin

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰ অবৈধ ইটা ভাটাৰ বিষাক্ত ধোঁৱাই অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি কৰিছে বাঘাৰচৰত । গাঁৱৰ মাজত অবৈধ ৰঙা ইটাৰ বাংলা ভাটাৰে ৰমৰমীয়া ব্যৱসায় চলাই আহিছে গাঁও খনৰ জিলাল শেখ নামৰ লোকজনে । বাংলা ভাটাৰ কলা ধোঁৱাৰ ফলত জনবসতি এলেকাত সাধাৰণ লোক বসবাস কৰাত অসুবিধা হৈ পৰিছে ।

লাহে লাহে বিষাক্ত ধোনাৰ ফলত গাঁও খনৰ একাংশ লোক বেমাৰত আক্ৰান্ত হ'বলৈ ধৰিছে । চৰকাৰী কোনো অনুমতি নথকা এই ইটা ভাটা বন্ধ কৰাৰ বাবে স্থানীয় ৰাইজে জিলা প্ৰশাসন আৰু ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগ দিয়াৰ পাছতো এইৰ্পযন্ত কোনো গুৰুত্ব নাই জিলা প্ৰশাসনৰ ।

লক্ষণীয় যে জিলাখনত ২ শতাধিক অবৈধ বাংলা ইটা ভাটা নিৰ্মাণ কৰি অসাধু ব্যৱসায়ীয়ে ৰঙা ইটাৰ ব্যৱসায় চলাই আহিছে । জিলা প্ৰশাসনে এনে অবৈধ ইটা ভাটা বন্ধ কৰিবলৈ ইতিমধ্যে জাননী প্ৰদান কৰিছে যদিও ইয়াৰে ৪টা ইটা ভাটা জিলা প্ৰশাসনে উচ্ছেদ কৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে ।

ৰহস্য জনক ভাবে বৰ্তমানেও দুই শতাধিক অবৈধ ইটা ভাটা কেৱল মানকাচৰ ৰাজহ চক্ৰৰ অধীনত চলি আছে । জিলা প্ৰশাসনৰ লগত মিমাংসা কৰি এনে ইটা ভাটা চলাই থকা হৈছে বুলি ভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে ।