অসম

সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগৰে উত্তাল বিটিচিৰ বৰ্ষাকালীন অধিৱেশনঃ বিপিএফৰ সদন ত্যাগ

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিৰ বৰ্ষাকালীন অধিৱেশন মঙলবাৰে এদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ওপৰত বিৰোধীয়ে অনা প্ৰশ্নকালীন সময়ছোৱাত শাসক পক্ষই আলোচনা নকৰাৰ বাবে বিপিএফ দলে সদন ত্যাগ কৰে৷

বিৰোধী দলপতি তথা বিপিএফৰ নেতা দেৰহাছাৎ বসুমতাৰীয়ে কয় যে, "সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোৱে হ'ল বৰ্তমান সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। বিৰোধীৰ লিখিত প্ৰশ্ন শাসকীয় পক্ষই নাকচ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোৰ ওপৰত কোনো আলোচনা নকৰিলে । সকলোতকৈ স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত বিটিচিৰ সদনত আলোচনা নকৰাটো দূৰ্ভাগ্যজনক ।"

ইপিনে বিৰোধীয়ে সদন ত্যাগৰ বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিটিচি প্ৰধান প্ৰমোদ বড়োই কয় যে, "বিৰোধীৰ সদন ত্যাগ দূৰ্ভাগ্য জনক । বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ বিগত ১১ টা অধিৱেশনতে অনুপস্থিত আছে আৰু যাৰ দ্বাৰাই ৰাইজৰ প্ৰতি দায়বদ্ধতা বুজি পোৱা যায় বুলি উল্লেখ কৰে । প্ৰকৃততে বিৰোধীয়ে অনা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো বিটিচি পৰিষদৰ বিষয় নহয়, বৰং সেয়া নিৰ্বাচন আয়োগৰ হে বিষয়।"

লগতে বড়োৱে কয় যে, ভৈৰৱকুণ্ড হ'ল ঐতিহ্য বিজড়িত ঠাই আৰু দৰং লোকসভা সমষ্টিৰ নাম সলনি কৰি ভৈৰৱকুণ্ড ৰখা কাৰ্যক ইউপিপিএল দলে আদৰণি জনাইছে ।"

ইপিনে বিৰোধী দল বিপিএফৰ সদন ত্যাগৰ পাছতে বিটিআৰৰ শাসকীয় দল বিজেপিৰ দুই পাৰিষদৰ মাজত সদনত তুমুল বাক-বিতণ্ডা হোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে আৰু বিজেপিৰ পাৰিষদ সজল কুমাৰ সিংহৰ মাজত তুমুল বাক বিতণ্ডাই ব্যাপক চৰ্চা লাভ কৰিছে ।

বিজেপিৰ পাৰিষদ সজল কুমাৰ সিংহই গোসাইগাঁৱৰ ঠাকুৰপুৰত ইতিমধ্যে সম্পূৰ্ণ হোৱা ৩০খন বিছনাযুক্ত চিকিৎসালয় মুকলি, উপ-স্বাস্থ্যকেন্দ্ৰত কৰ্মচাৰী নিয়োগ আদি সন্দৰ্ভত সদনত প্ৰশ্ন উত্থাপন কৰি কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ ৰোষত পৰে । প্ৰশ্নৰ উত্তৰৰ পৰা ফালৰি কাটি গৈ বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই অন্য কথাৰে পৰিষদীয় সদস্য সজল কুমাৰ সিংহক আক্ৰমণ কৰে ।

লগতে অৰূপ কুমাৰে কংগ্ৰেছ-এআইইউডিএফৰ ভোট লৈ জিকি বৰ বৰ কথা কোৱা বুলি সজল কুমাৰ সিংহক কটাক্ষ কৰে। ইপিনে সজল কুমাৰ সিংহই প্ৰত্যুত্তোৰত কয় যে, "পাৰিষদৰ নিৰ্বাচনৰ আগতে তথা বিজেপিৰ টিকট লাভ কৰাৰ আগতে অৰূপ কুমাৰ দে বিপিএফৰ হে আছিল, বিপিএফৰ হৈয়ে ঠিকা কৰিছিল বুলি সকলোৱে জানে ।"

লগতে তেওঁ দায়িত্ব চম্ভালিব নোৱাৰিলে কাৰ্যবাহী সদস্য পদৰ পৰা অৰূপ কুমাৰ দেই পদত্যাগ কৰক বুলিও মন্তব্য প্ৰদান কৰে । উল্লেখ্য যে আজি বিটিচি সচিবালয়ৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলক লৈ স্বাস্থ্য সম্পৰ্কীয় বিধেয়কক অনুমোদন জনায় বিটিচিৰ সদনে ।