বিশ্বনাথৰ ধুলি চাহ বাগিছাৰ কল গছৰ তলত উদ্ধাৰ পিষ্টলসহ সজীৱ গুলী... 
অসম

বিশ্বনাথৰ ধুলি চাহ বাগিছাৰ কল গছৰ তলত উদ্ধাৰ পিষ্টলসহ সজীৱ গুলী...

Asomiya Pratidin

ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ ধুলি চাহ বাগিছাৰ এলেকাৰ এখন কল বাগানৰ এজোপা শুকান কলগছৰ মাজত উদ্ধাৰ হৈছে এটা মেগজিন আৰু পাঁচটা ০.২২ ইঞ্চিৰ গুলীসহ এটা ০.২২ কেলিবাৰৰ পিষ্টল ৷ প্ৰাপ্ত তথ্যমতে , বিশ্বনাথ আই•বি•আই (IBI)ৰ এক গোপনসুত্ৰৰ পমখেদি বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে পিষ্টলসহ সজীৱ গুলি আৰু মেগজিন ৷

বিশ্বনাথ জিলা আৰক্ষীৰ নেতৃত্বত বিশ্বনাথ, আই বি আই আৰু বিশ্বনাথ আৰক্ষীৰে গঠিত বিশেষ অভিযানকাৰী আৰক্ষীৰ এটা দল বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বালিচাং আৰক্ষী আউটপোষ্টৰ অধীনত ২৩ নম্বৰ লাইনত ধুলি চাহ বাগিচাৰ ভিতৰৰ এখন কলখেতি বাগিচাৰ এজোপা শুকান কলৰ গছৰ তলৰ পৰা এই অস্ত্ৰসমূহ উদ্ধাৰ কৰে।

উল্লেখ্য যে ,যোৱা ১৫ অক্টোবৰত তিনিচুকীয়া জিলাৰ জি আৰ পি এফ (GRPF)-ৰ দলে লিডু ৰেল আস্থানৰ পৰা সন্দেহজনক অৱস্থাত উজনিমোৱা গুৱাহাটী- লিডু ইণ্টাৰচিটি এক্সপ্ৰেছৰ পৰা পিষ্টলসহ দুজনকৈ সন্দেহজনক ব্যক্তিক আটক কৰিছিল ৷ তিনিচুকীয়া জি আৰ পি এফৰ দলে লিডু ৰেল আস্থানত ইণ্টাৰচিটি এক্সপ্ৰেছৰ পৰা ৪ জাই সজীৱ গুলীসহ দুটা ৭.৬৫ এম এম লোডেত মাৰাণাস্ত্ৰসহ বোকাজানৰ অবিনাশ ধন (৩২) আৰু বিশ্বনাথ জিলাৰ বিহালীৰ কুঁহিয়াৰবাৰীৰ নৰেশ গড়ক আটক কৰিছিল ৷

ইপিনে ঘটনা সন্দৰ্ভত তিনিচুকীয়া জিলা জি আৰ পি এফৰ দলে ৰজু কৰা গোচৰৰ ভিত্তিত বিশ্বনাথ জিলা আৰক্ষীয়ে তদন্ত চলাই আজি বিশ্বনাথৰ ধুলি চাহ বাগিছাৰ এখন কলখেতিৰ শুকান কল গছৰ তলৰ পৰা মেগজিন, পিষ্টলসহ পাঁচজাই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে বিশ্বনাথ আৰক্ষীয়ে ৰাহুল মূড়াৰী ওৰফে বলোৰাম মূড়াৰী নামৰ এজনলোকক সোধ-পোছৰ বাবে আটক কৰে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে ৰাহুল মূড়াৰী হ'ল আদিবাসী আইক'ন লক্ষ্মী ওৰাঙৰ স্বামী৷ এক সমৰ্থিত সূত্ৰমতে তিনিচুকীয়া জি আৰ পি এফ- এ আটক কৰা বিহালীৰ কুঁহিয়াৰবাৰীৰ নৰেশ গঁড় (৪২) আনলা সংগঠনৰে জড়িত হোৱাৰ উপৰিও আদিবাসী আইক'ন লক্ষ্মী ওৰাঙৰ স্বামী ৰাহুল মূড়াৰী ওৰফে বলোৰাম,মূড়াৰী আনলাৰে জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷