অসম

আৰক্ষী থানাৰ কাষতে থকা মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত চুৰিকাণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ জিলা মথুৰাপুৰ অঞ্চলত চোৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিছে ৷ মঙলবাৰে নিশা মথুৰাপুৰ আৰক্ষী থানাৰ সমীপতে থকা এখন চৰকাৰী বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত হয় ।

জানিব পৰা মতে মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয় মঙলবাৰে নিশা চোৰে খিৰিকী ভাঙি বিদ্যালয় প্ৰৱেশ কৰে। বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি চোৰে ছাত্ৰ-ছাত্ৰীৰ বাবে ৰখা মধ্যহ্ন ভোজনৰ দুটাকৈ চাউলৰ বস্তা চাইকেলত তুলি থকা অৱস্থাত এটা চোৰক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে ৷

ধৃত চোৰটোৰ নাম বিশাল খাৰিয়া বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পূৰ্বে বিদ্যালয়খনত কেইবাৰো চুৰি ঘটনা সংঘটিত হোৱা বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ৷ ইফালে মথুৰাপুৰ আৰক্ষী থানাৰ নিচেই কাষতে থকা বিদ্যালয়ত সংঘটিত হোৱা এই চুৰিকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।