অসম

অবৈধ কাৰবাৰৰ ঘাটি হৈ পৰিছে কাছাৰ! বাৰ্মিজ চুপাৰী, চিগাৰেটৰ লগতে অবৈধ কয়লা সৰবৰাহকাৰীক আটক…

asomiyapratidin

ডিজিটেল সংবাদ কাছাৰঃ অবৈধ সৰবৰাহৰ ঘটি হৈ পৰিছে কাছাৰ। প্ৰায় প্ৰতিদিনেই অবৈধ সামগ্ৰী সৰবৰাহৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বিভিন্ন বাহন জব্দ কৰিছে। তাৰ মাজতে দেওবাৰে কাছাৰত আৰক্ষীয়ে অবৈধ বাৰ্মিজ চুপাৰী, অবৈধ কয়লা আৰু আৰু বাৰ্মিজ চিগাৰেট সৰবৰাহ কৰাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আজি কাছাৰত এখন নৈশ চুপাৰ বাছৰ পৰা জব্দ কৰা হয় ৭০ বস্তা বাৰ্মিজ চুপাৰি৷ লক্ষীপুৰ পয়লাপুৰৰ পৰা গুৱাহাটীলৈ গোপনে সৰবৰাহ কৰাৰ সময়ত অৰুণাচল আৰক্ষীয়ে জব্দ কৰে চুপাৰিখিনি৷ গোপন তথ্যৰ ভিত্তিত AS 01GC – 2434 নম্বৰৰ বাছখনত অভিযান চলাইছিল অৰুণাচল আউটপষ্টৰ আৰক্ষীয়ে৷

বাছখনৰ ডিগিত লুকুৱাই অনা হৈছিল চুপাৰিখিনি ৷ চুপাৰিখিনিৰ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে৷ চুপাৰিৰ সৈতে বাছখনৰ চালক জাকিৰ হুছেইন লস্কৰ আৰু খাইৰুল ইছলামক আটক কৰিবলৈ সক্ষম হৈছে৷

আনহাতে কালাইন আৰক্ষীয়ে জব্দ কৰে এখন কয়লা ভৰ্তি ট্ৰাক৷ মেঘালয়ৰ পৰা কাছাৰত প্ৰবেশ কৰোতে MH-15/FV-2863 নম্বৰৰ কয়লা ভৰ্তি ট্ৰাকখন জব্দ কৰে৷ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে দিগৰখালৰ পৰা জব্দ কৰে ট্ৰাকখন ৷ ট্ৰাকখনত ১৫ টন কয়লা থকা বুলি সদৰী কৰে আৰক্ষীয়ে৷ অৱশ্যে আৰক্ষীক দেখি ট্ৰাক চালক জনে পলায়ন কৰে ৷

ইফালে নাজিৰ উদ্দিন নামৰ এজন কয়লা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে কালাইন আৰক্ষীয়ে৷ শুকুৰবাৰে আৰক্ষীয়ে জব্দ কৰা কয়লা গোচৰত অভিযুক্ত নাজিৰ উদ্দিনক৷

আনহাতে বুজণ পৰিমাণৰ বাৰ্মিজ চিগাৰেট আৰু মহ মৰা কয়েল জব্দ কৰে আৰক্ষীয়ে৷ শিলচৰ থানাৰ আৰক্ষীয়ে কনকপুৰত অভিযান চলাই জব্দ কৰে বিদেশী সামগ্ৰীখিনি ৷ আকবৰ লস্কৰ নামৰ এজন ব্যৱসায়ীৰ গোডামৰ পৰা জব্দ ১১ টা বাৰ্মিজ চিগাৰেট ভৰ্তি কাৰ্টুন ৷

কাৰ্টুন কেইটাৰ পৰা ৮৮০০ পেকেট চিগাৰেট উদ্ধাৰ কৰা হয় ৷ গোডামটোৰ পৰা গডজিলাসহ তিনিটা ব্ৰেণ্ডৰ বাৰ্মিজ Mosquito coil ও জব্দ কৰে আৰক্ষীয়ে৷ অৱশ্যে গোডামৰ গৰাকী তথা ব্যৱসায়ী আকবৰ লস্কৰক আটক কৰিব পৰা নাই আৰক্ষী দলটোৱে৷