অসম

বিদ্যালয়ৰ শৌচালয়ৰ ভিতৰত উদ্ধাৰ বাছ চালকৰ মৃতদেহ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ গীতা মন্দিৰত অঘটন। স্কুলৰ শৌচগাৰত শৌচ কৰি থকা অৱস্থাত স্কুল বাছ চালকৰ কৰুণ মৃত্যু। গুৰুকুল গ্রামাৰ হাইচেকেণ্ডৰী স্কুলত সংঘটিত হৈছে এই ঘটনা।

স্কুল চুটিৰ পিছত পোহৰলৈ আহে এই ঘটনা। স্কুল বাছত ছাত্র ছাত্ৰী বহাৰ পিছত গাড়ী চালক নহাত ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ লাগে। চালকজনলৈ ফোন কৰাত ফোনটো বাথৰুমৰ পৰা ৰিং হোৱা শব্দ শুনি নিৰাপত্তাৰক্ষীয়ে বিচাৰি যায়।

নিৰাপত্তাৰক্ষীয়ে মাত দিয়াত শৌচগাৰৰ ভিতৰৰ পৰা কোনো উত্তৰ নিদিয়াত লগে লগে ঘটনা সন্দৰ্ভত নুনমাটি থানাত খবৰ দিয়ে। আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হৈ শৌচগাৰাৰ দুৱাৰ ভাগি ভিতৰৰ পৰা চালক জনৰ মৃতদেহ উলংগ অৱস্থাত উদ্ধাৰ কৰে।

প্ৰেচাৰ ষ্ট্ৰ'ক হৈ চালক জনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত সত্য। মৃত চালক জন হৈছে বৰবাৰীৰ জিম্মা চুব্বা বুলি জানিব পৰা গৈছে। তেওঁ বিগত ১ বছৰ ধৰি স্কুলত বাছ চালক হিচাপে কাম আছিল।