অসম

চামগুৰিত উপ- নিৰ্বাচনকেন্দ্ৰিক সংঘাত : কংগ্ৰেছ- বিজেপি সমৰ্থকৰ মাজত মাৰপিট

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যত ৫টা বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও নিৰ্বাচনীকেন্দ্ৰিক হিংসাই মঙলবাৰে জোকাৰি গ’ল ৰূপহীহাট। চামগুৰি সমষ্টিত অনুষ্ঠিত হ’ব লগা উপ- নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে এক বাইক ৰেলী উলিয়াইছিল পুৱাৰ ভাগত।

শিঙিমাৰীৰ পৰা এই বাইক ৰেলী উলিয়াইছিল দলটোৰ সমৰ্থকে। ৰূপহীহাট বিধানসভা সমষ্টিৰ একাংশ লোকে বাইক লৈ শিঙিমাৰীলৈ এই সমদলত যোগ দিবৰ বাবে যোৱাৰ পথত একাংশ বিজেপি কৰ্মীয়ে বাধা প্ৰদান কৰে। আনকি ইয়াকে কেন্দ্ৰ কৰি দুয়ো পক্ষৰ মাজত হতাহতি পৰ্যন্ত হয়।

একাংশই এই পথত অহা-যোৱা কৰা কেইবাখনো বাহনক আক্ৰমণৰ লক্ষ্য কৰি লয়। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কংগ্ৰেছে অভিযোগ কৰা মতে বিজেপিয়ে পৰিকল্পিতভাৱেই এই আক্ৰমণ সংঘটিত কৰিছিল।

ইফালে বিজেপি কৰ্মীৰ অভিযোগ- একাংশ কংগ্ৰেছ কৰ্মীয়ে বিজেপিৰ বেনাৰ, পোষ্টাৰ ফলাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘটিত মাৰপিটৰ ঘটনাত কম- বেছি পৰিমাণে কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।