অসম

কেবিনেট বৈঠক : ৩৭৬ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত নিৰ্মাণ হ'ব আৰু এখন উৰণসেতু

Asomiya Pratidin

ডিজিটেল ডেস্ক : জনতা ভৱনত বুধবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ উন্নয়নৰ দিশত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত লোৱা সিদ্ধান্তমৰ্মে মহানগৰীত আৰু এখন উৰণসেতু নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে।

গুৱাহাটী ভিৰমুক্ত কৰিবলৈ লালগণেশৰ পৰা গড়ভঙালৈ ৩৭৬.১১ কোটি টকা ব্যয় সাপেক্ষে এই উৰণসেতু নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৃহস্পতিবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শিলন্যাস কৰিব এই সেতুখনৰ।

ইয়াৰোপৰি জলজীৱন মিছনক নগৰীয়া স্থানীয় সংস্থাসমূহলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। এতিয়াৰে পৰা এই সংস্থাসমূহে এনে আঁচনিসমূহৰ পৰিচালনাৰ লগতে ৰক্ষণাবেক্ষণৰ দায়িত্বত থাকিব।

আনহাতে ৩ ফেব্রুৱাৰীত অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোডী। শিলন্যাস কৰিব ১১ হাজাৰ কোটি টকাৰ নতুন প্রকল্পৰ। ৰাজ্যৰ পৰ্যটনক্ষেত্রৰ বাবে এখন বিধেয়কত অনুমোদন কৰা হৈছে। অসম পৰ্যটন ( উন্নয়ন আৰু পঞ্জীয়ন) বিধেয়ক ২০২৪ৰ অনুমোদন কৰা হৈছে।

আজি কেবিনেট বৈঠকত লোৱা অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল মিচিং স্বায়ত্তশাসিত পৰিষদৰ সদস্যৰ সংখ্যা বৃদ্ধি পাব। ৰাজ্যিক কেবিনেটে আনিলে মিচিং স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) বিধেয়ক ২০২৪।

ইয়াৰ জড়িয়তে পৰিষদৰ সদস্যৰ সংখ্যা ৪০ৰ পৰা ৪৫ জনলৈ বৃদ্ধি পাব। ৪০ জন সদস্য হ’ব প্রত্যক্ষভাৱে ভোটৰ দ্বাৰা নিৰ্বাচিত,আন ৫ জন হ’ব মনোনীত সদস্য। উল্লেখ্য যে পূৰ্বতে নিৰ্বাচিত সদস্যৰ সংখ্যা আছিল ৩৬ জন আৰু মনোনীত সদস্যৰ সংখ্যা আছিল ৪ জন।