অসম

গিবনত তেল-গেছ খননৰ সিদ্ধন্ত বাতিল কৰক : এছ এফ আই- ডি ৱাই এফ আই

Asomiya Pratidin

ডিজিটেল ডেস্ক : গিবনত তেল আৰু গেছ খননত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা অনুমোদনৰ তীব্ৰ বিৰোধিতা কৰিছে এছ এফ আই আৰু ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে। হলৌ বান্দৰকে ধৰি জৈৱবৈচিত্ৰতা ধ্বংস কৰিব বিচৰা এই সিদ্ধান্ত তৎকালে প্ৰত্যাহাৰ কৰিবলৈ দুয়োটা সংগঠনে দাবী জনাইছে।

এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে দুয়োটা সংগঠনে যৌথভাৱে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ঘোষণা কৰে। অনিল আৰু নবীন আগৰৱালা পৰিচালিত বেদান্ত বহুজাতিক নিগমৰ কেইৰণ ইণ্ডিয়াক যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ ইক' ছেনছিটিভ অঞ্চলত তেল আৰু গেছ খননৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ অনুমোদনৰ পিছত এইবাৰ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে "ষ্টেজ ৱান" অনুমোদন লাভ কৰিছে।

এছ এফ আই আৰু ডি ৱাই এফ আইয়ে গিবন অভয়াৰণ্যৰ মাজেৰে যোৱা ৰে'ল লাইনৰ বিদ্যুতিকৰণৰ বিৰুদ্ধে আৰু তেল-গেছ খনন বন্ধ কৰাৰ দাবী ইতিমধ্যে তুলিছে। তাৰোপৰি স্থানীয় ৰাইজৰ মাজত চহী সংগ্ৰহ অভিযান সংগঠিত কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি জনমত গঠন কৰাৰ চেষ্টা কৰি থকাৰ মাজতে চৰকাৰৰ এই ধ্বংসাত্মক সিদ্ধান্তই ক্ষোভিত কৰি তুলিছে।

কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে এখন অভয়াৰণ্যৰ ইক' ছেনছিটিভ এলেকা ঘোষণাৰ ভিতৰত তেল আৰু গেছৰ অন্বেষণ আৰু উদঘাটনৰ অনুমতি দিয়াটো অত্যন্ত পৰিতাপৰ বিষয় বুলি সংগঠন দুটিয়ে উল্লেখ কৰে। কেৱল পুঁ‌জিপতি গোষ্ঠীৰ লাভৰ বাবে যে সকলো নীতি নিয়মক জলাঞ্জলি দিয়া হৈছে সেয়া নিশ্চিত বুলি উল্লেখ কৰে।

এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ হ'লে কেৱল হলৌ বান্দৰৰ প্ৰতিয়ে বিপদ আহিব তেনে নহয় বুলি স্পষ্ট কৰি দিয়ে। ইয়াৰ ফলত তাত থকা লাজুকী বান্দৰ, নাহৰফুটুকী, হাতীৰ লগতে বহু বন্য প্ৰাণীৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব।

লগতে উল্লেখ কৰে যে বনভূমিৰ সংকোচন হ'লে কাষৰীয়া অঞ্চল হাতী-মানুহৰ সংঘাটে ভয়াৱহ ৰূপ ল'ব। এয়া অতিকৈ উদ্বেগজনক কথা। এনে বিপদজনক পৰিস্থিতিৰ পিনে ঠেলি নিদিবলৈ এছ এফ আই আৰু ডি ৱাই এফ আইয়ে দাবী জনায়। লগতে চৰকাৰৰ এই বিপদজন সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সংগঠনদ্বয়ে সৰ্বস্তৰৰ ৰাইজলৈ আবেদন জনায়।