অভিযুক্তৰ ঘৰ ভাঙিব নোৱাৰিব প্ৰশাসনেঃ উচ্চতম ন্যায়ালয়ে দিলে কঠোৰ নিৰ্দেশ... 
অসম

অভিযুক্তৰ ঘৰ ভাঙিব নোৱাৰিব প্ৰশাসনেঃ উচ্চতম ন্যায়ালয়ে দিলে কঠোৰ নিৰ্দেশ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা মন গ'লেই ভাঙি পেলাব নোৱাৰিব কাৰোবাৰ ঘৰ। ৰাজ্য চৰকাৰ অথবা ৰাজ্যসমূহৰ প্ৰশাসনেই কোনো গোচৰত অভিযুক্তৰ ঘৰ ইচ্ছানুসৰি ববুলডোজাৰেৰে ভাঙি দিব নোৱাৰিব।

শেহতীয়াকৈ উত্তৰ প্ৰদেশত অভিযুক্তিৰ ঘৰ প্ৰশাসনে বুলডোজাৰেৰে ভাঙি পেলোৱাৰ ঘটনা বহু ঘটিছে। উত্তৰ প্ৰদেশ চৰকাৰৰ এই বেআইনী কাৰ্যকলাপ আমদানি হৈছে অসমলৈয়ো। অসমতো এনে কেইবাটাও ঘটনা সংঘটিত কৰিছে প্ৰশাসনে।

উত্তৰ প্ৰদেশ, অসম আদি ৰাজ্যত সংঘটিত এনে ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াও অব্যাহত আছে। তাৰ মাজতে আজি উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত জাৰি কৰিলে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

আজি এক গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথৰ খণ্ড বিচাৰপীঠে কয় যে, কোনো লোক কেৱল অভিযুক্ত হ’লেই তেওঁৰ ঘৰ কেনেকৈ ভাঙি পেলাব পাৰে?

গোচৰৰ শুনানিৰ সময়ত উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰৰ হৈ ন্যায়ালয়ত যুক্তি দৰ্শোৱা দেশৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক ন্যায়াধীশ বি আৰ গভায়ে কয়, কোনো ব্যক্তি যদি দোষীও হয় তেন্তে আইনৰ নিৰ্ধাৰিত প্ৰক্ৰিয়া পালন নকৰাকৈ তেওঁৰ ঘৰ ভাঙি পেলাব নোৱাৰি।

উচ্চতম ন্যায়ালয়ৰ এই খণ্ড বিচাৰপীঠে পুনৰ কয় যে, আমি সমগ্ৰ দেশৰ বাবে এই সন্দৰ্ভত নিৰ্দেশনা প্ৰস্তুত কৰিম।

ইফালে যোগী চৰকাৰৰ হৈ ন্যায়ালয়ত উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়ালয়ত যোগী চৰকাৰৰ পক্ষ ৰাখি কয়, আমি শপতনামাৰ জৰিয়তে পূৰ্বেই দেখুৱাইছো যে, ঘৰ ভঙাৰ বহু পূৰ্বেই জাননী প্ৰেৰণ কৰিছো। ঘৰ ভঙা আৰু অপৰাধৰ গোচৰৰ সৈতে কোনো সম্পৰ্ক নাই।

তুষাৰ মেহতাৰ এনে অসত্য যুক্তিৰ প্ৰত্যুত্তৰত আবেদনকাৰীৰ হৈ উপস্থিত থকা অধিবক্তা দুষ্মন্ত দাভে আৰু চি ইউ সিঙে কয় যে, যোগী চৰকাৰে ঘৰবোৰ এই কাৰণে ভাঙি পেলাইছিল যে তেওঁলোক কোনো গোচৰত অভিযুক্ত হৈছিল। উচ্চতম ন্যায়ালয়ে এই বিষয়টোত অহা ১৭ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব।