অসম

বিদ্যালয়ে-বিদ্যালয়ে আড়ম্বপূৰ্ণভাবে শিক্ষক দিৱসঃ ৰাজ্যৰ ৪৩০ শিক্ষাগুৰুলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি পবিত্র শিক্ষক দিৱস। শিক্ষকসকলৰ কষ্ট-ত্যাগক স্বীকৃতি দিয়াৰ সমান্তৰালভাবে প্ৰশংসাৰ বাবে ভাৰতে ১৯৬২ চনৰ পৰাই পালন কৰি আহিছে এই দিৱস। ভাৰতত দ্বিতীয় ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন অৰ্থাৎ ৫ ছেপ্টম্বৰ দিনটোত যোৱা ৬১ বছৰে এই দিৱস উদযাপন কৰি অহা হৈছে।

এই বৰ্ষও তাৰ ব্যতিক্ৰম নহয়। দেশৰ বিদ্যালয়ে-বিদ্যালয়ে আড়ম্বপূৰ্ণভাবে এই দিৱস উদযাপনৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ কাৰ্যসূচী। এই দিৱসৰ লগত সংগতি ৰাখি কৃতী শিক্ষক-শিক্ষয়িত্রীক উৎসাহ তথা সন্মানিত কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰে প্রদান কৰিব বিশেষ বঁটা। বিগত দুই দশকত শিক্ষক বঁটাৰে সন্মানিত কৃতী শিক্ষক-শিক্ষয়িত্রীক মঙলবাৰে পত্ৰ প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

শিক্ষাগুৰুসকলক পত্রযোগে মুখ্যমন্ত্রীয়ে কৃতজ্ঞতা জনাই চৰকাৰ পৰিচালনাৰ বাবে পৰামৰ্শও বিচাৰিব। ৰাজ্যৰ ৩৫ জিলাৰ মুঠ ৪৩০ গৰাকী কৃতী শিক্ষকক এই পত্ৰ প্ৰদান কৰা হ'ব। উল্লেখ্য যে, ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক ৫ গৰাকী, প্রাথমিক শিক্ষক বঁটাপ্ৰাপক ২৩৪ গৰাকী আৰু মাধ্যমিক শিক্ষক বঁটাপ্রাপক ১৮৯ গৰাকী শিক্ষাগুৰুক মুখ্যমন্ত্রীয়ে এই কৃতজ্ঞতাপত্র প্ৰদান কৰিব।

তথ্য অনুসৰি বজালীত মুঠ ১০ গৰাকী, বাক্সাত ১০ গৰাকী, বৰপেটাত ১৯ গৰাকী, বিশ্বনাথত ১২ গৰাকী, বঙাইগাঁৱত ৯ গৰাকী, কাছাৰত ১১ গৰাকী, চৰাইদেউত ৫ গৰাকী, চিৰাঙত এগৰাকী, দৰঙত ২৮ গৰাকী, ধেমাজিত ২৩ গৰাকী, ধুবুৰীত ১৩ গৰাকী, ডিব্ৰুগড়ত ২৬ গৰাকী, গোৱালপাৰাত ১৩ গৰাকী, গোলাঘাটত ১১ গৰাকী, হাইলাকান্দিত ১০ গৰাকী শিক্ষকক এই সন্মান প্ৰদৰ্শন কৰা হ'ব।

তদুপৰি যোৰহাটত ১১ গৰাকী, কামৰূপ মহানগৰত ১৫ গৰাকী, কামৰূপত জানতে ২০ গৰাকী, কাৰ্বি আংলঙত ৪ গৰাকী, কৰিমগঞ্জত ৯ গৰাকী, কোকৰাঝাৰত ৫ গৰাকী, লুখিমপুৰত ২৪ গৰাকী মাজুলীত ৬ গৰাকী, মৰিগাঁৱত ১২ গৰাকী, নগাঁৱত ২৭ গৰাকী, নলবাৰীত ২০ গৰাকী, শিৱসাগৰত ২০ গৰাকী, শোণিতপুৰত ২০ গৰাকী, তিনিচুকীয়াত ৬ গৰাকী, ওদালগুৰিত ১০ গৰাকী কৃতী শিক্ষাগুৰুলৈ এই সন্মান প্ৰদৰ্শন কৰিব ৰাজ্য চৰকাৰে। উল্লেখ্য যে, এই সন্মান প্ৰদৰ্শন কৰি চৰকাৰী বিষয়াই মুখ্যমন্ত্ৰীৰ হৈ মঙলবাৰে ঘৰে ঘৰে প্ৰদান কৰিব বঁটা।