অসম

বিৰোধী ঐক্যই ৰণশিঙা নহয় ভঙা শিঙাহে বজালে: বিধায়ক চক্ৰধৰ গগৈ

Asomiya Pratidin

ডিজিটেল সংবাদ, বৰবৰুৱা: দেওবাৰে বিধান সভা নিৰ্বাচনৰ ভোটগণনা চলি থকা ৪খন ৰাজ্যৰ ৩ খন ৰাজ্যতে বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে তেলেংগানাত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ। INDIA গঠন কৰি ৪ ৰাজ্যত নিৰ্বাচনী যুঁজত নামিও যেন সফল হ'ব নোৱাৰিলে কংগ্ৰেছে। কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছত বিজেপিয়ে বিজয় উৎসৱ অনুষ্ঠিত কৰাৰ লগতে কংগ্ৰেছ আৰু INDIA এলায়েঞ্চক তীব্ৰ সমালোচনা কৰিছে বিজেপি নেতাসকলে।

বিজেপি দলে ৩ ৰাজ্যত জয়লাভৰ দিশে অগ্ৰসৰ হোৱাৰ পাছতে ডিব্ৰুগড়ৰ বৰবৰুৱাত প্ৰতিক্ৰিয়া প্ৰদান কৰিছে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে। প্ৰতিক্ৰিয়া প্ৰদান কৰি তেওঁ কয়, "INDIA এলায়েঞ্চে গোটেই ভাৰতবৰ্ষত এনে এটা পৰিবেশ সৃষ্টি কৰিছিল যেন বিজেপিক একেবাৰে নসাৎ কৰি পেলাব। কিন্তু আজি ফলাফলত দেখা গ'ল বিজেপিক একো লৰাব নোৱাৰিলে। ৰাজনৈতিক পথাৰত মোডীক প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ কোনো নেতা নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ কোনো দল নাই"।