চৰাইদেউ মৈদাম ক্ষেত্ৰত 'চৰাইদেউ মহোৎসৱ'ৰ প্ৰস্তুতি...  
অসম

চৰাইদেউ মৈদাম ক্ষেত্ৰত 'চৰাইদেউ মহোৎসৱ'ৰ প্ৰস্তুতি...

Asomiya Pratidin

ডিজিটেল সংবাদ চৰাইদেউঃ ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ গৌৰৱময় স্বাক্ষৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ মানসেৰে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা চৰাইদেউ মহোৎসৱটি অহা ৫, ৬ আৰু ৭ জানুৱাৰীত উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত প্ৰাংগনত তিনিদিনীয়াকৈ বিস্তৃত, বৰ্ণাঢ্য কাৰ্যসূচীৰে সৈতে সংগতি ৰাখি বিভিন্ন জাতি জনগোষ্ঠী লোকৰ কৃষ্টি,নৃত্য ,জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰ ,বস্ত্ৰ মেলা,গ্ৰন্থ মেলা,সমন্বয় শোভাযাত্ৰা, থলুৱা খেল-ধেমালী আৰু কৃষিমেলা অনুষ্ঠিত হ'ব ৷

এই সন্দৰ্ভত অলপতে চৰাইদেউৰ পৰ্যটন বিভাগৰ অতিথি শালাত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সংবাদকৰ্মী প্ৰণৱ বৰগোহাঁইয়ে আঁতধৰা সভাখনি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সত্যেন কোঁৱৰৰ সভাপতিত্ব কৰে ৷

পৱিত্ৰ গগৈয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা এই সভাত চৰাইদেউ মহোৎসৱৰ গুৰুত্ব আৰু প্ৰসাৰতাৰ ওপৰত কেইবাগৰাকী বিশিষ্ট ব্যক্তি, দল সংগঠনৰ নেতাই বক্তব্য আগবঢ়ায়। সভাই চৰাইদেউ মহোৎসৱ উদযাপন উপলক্ষত স্থানীয় ব্যক্তি তথা সোণাৰিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰক সভাপতি, জয়চন্দ্ৰ বড়া আৰু নীলমণি বৰগোঁহাইক কাৰ্যকৰী সভাপতি, পবিত্ৰ গগৈ আৰু জ্যোতিষ কোঁৱৰক যুটীয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি আৰু ১৪ খনকৈ উপ-সমিতি গঠন কৰা হয় ৷

সভাই মহোৎসৱৰ সংগতি ৰাখি এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰিছে ৷ উল্লেখযোগ্য যে ২০১৫ চনৰ পৰা চৰাইদেউ মৈদাম প্ৰাংগণত প্ৰতিবাৰেই অনুষ্ঠিত কৰি অহা চৰাইদেউ মহোৎসৱৰ এইবাৰো অনুষ্ঠিত কৰিব লোৱা সকলো কাৰ্যসূচীতে ৰাইজৰ সৰ্বতোপ্ৰকাৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাই ৷