অসম

চৰাইদেউ জিলা প্ৰতিষ্ঠা দিৱস উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে শনিবাৰে চৰাইদেউ জিলা প্ৰতিষ্ঠা দিৱস সফলভাৱে উদযাপন কৰা হয়। সোনাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত জিলা প্ৰতিষ্ঠা দিৱস উদযাপনৰ মূল কাৰ্যসূচীত সভাপতিত্ব কৰি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কয় যে, প্ৰশাসনৰ মূল দায়িত্ব হৈছে জনসাধাৰণৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠা আৰু দায়িত্ব সহকাৰে সেৱা আগবঢ়াই যোৱা। জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰশাসন যেনেধৰণে দায়বদ্ধ, ঠিক তেনেদৰে এই উন্নয়নমুখী যাত্ৰাত জনসাধাৰণৰ অংশগ্ৰহণ অপৰিহাৰ্য বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, জনসাধাৰণৰ ইতিবাচক মাৰ্গদৰ্শনৰ জৰিয়তে জনসেৱা আগবঢ়াই জিলাখনক এখন উন্নত আৰু বিকশিত জিলা ৰূপে প্ৰতিষ্ঠা কৰাৰ হকে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্তব্য কৰে। অনুষ্ঠানত তেওঁ এটি স্বৰচিত কবিতাও পাঠ কৰে।

অনুষ্ঠানত সোনাৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড: সুনীল দত্তই "চৰাইদেউ জিলাৰ শৈক্ষিক পৰিৱেশ" শীৰ্ষক বিষয়বস্তুৰ ওপৰত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। আজিৰ অনুষ্ঠানত সোনাৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰঘুনাথ কাগয়ুঙে জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশিত "আৰোহণ" শীৰ্ষক এখনি বাৰ্তা পত্ৰিকা উন্মোচন কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অতিৰিক্ত জিলা আয়ুক্ত অভিজিত গগৈয়ে।

অনুষ্ঠানৰ শেষত সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত জিলা আয়ুক্তদ্বয় পলাশ ৰাজকুমাৰ আহোম, মিৰ্জানা হুছেইন, বিশিষ্ট শিক্ষাবিদ মণি গগৈ, বিশিষ্ট সমাজকৰ্মী মন্টু কোঁৱৰ আৰু নাৰায়ণ লাহন প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট নাগৰিক উপস্থিত থাকে।

জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি প্ৰদৰ্শনীমূলক বিপনী উদ্বোধন কৰা হয়। তদুপৰি, পুৱাৰ ভাগত সোনাৰি আৰু মৰাণ পৌৰসভাৰ অধীনত চাফাই অভিযান চলোৱাৰ লগতে ৰজাপুখুৰীস্থিত অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।