অসম

চতিয়াত পথ দুৰ্ঘটনা : ট্ৰাক চালকৰ মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,চতিয়া: চতিয়া আৰক্ষীয়ে চলোৱা অভিযানৰ অন্তত উদ্ধাৰ হ’ল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত সোমাই থকা চালকৰ মৃতদেহ। আৰক্ষীয়ে দুখন ক্ৰেঙৰ সহায়ত ক্ষত-বিক্ষত অৱস্থাত চালকজনৰ মৃতদেহ উদ্ধাৰ কৰে। নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

উল্লেখ্য যে শনিবাৰে চতিয়াৰ ঘিলাধাৰী দলঙৰ কাষতে থকা ডিভাৰ্ছন ব’ৰ্ড ভাঙি তলত পৰিছিল ট্ৰাকখন। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘিলাধাৰী নৈৰ ওপৰত টি কে ইঞ্জিনীয়াৰিঙৰ দ্বাৰা নিৰ্মীয়মাণ দলঙত খুন্দা মাৰিছিল AS-01-GC-1779 নম্বৰৰ মালবাহী ট্ৰাকখনে ৷ প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে থিতাতে নিহত হৈছিল ট্ৰাক চালকজন ৷