অসম

ৰঙিয়াত ৩১ নং বিধানসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াত শুকুৰবাৰে ৩১ নং বিধানসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্য্যালয়টি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উন্মোচন কৰে। ৰঙিয়াৰ মূৰাৰা চছাইটি চ'কত আবেলি ৪-০০ বজাত কাৰ্য্য়ালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ভৱেশ কলিতাই ৰাহুল গান্ধী, কংগ্ৰেছ দল আৰু বিৰোধী দলক সমালোচনা কৰে।

আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ ৪নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টি দলীয় কাৰ্যকৰ্তাসকলৰ সুবিধাৰ্থে শুভ উদ্বোধন কৰে বুলি প্ৰকাশ কৰে স্থানীয় বিধায়কগৰাকীয়ে । আনহাতে উক্ত অনুষ্ঠানৰ প্ৰতি দলীয় কাৰ্যকৰ্তা আৰু ৰাইজে দেখুওৱা সঁহাৰি আৰু সমৰ্থনে প্ৰতিপন্ন কৰিলে যে "আকৌ এবাৰ মোদী চৰকাৰ" হ'ব বুলি ৰাজ্যিক সভাপতি কলিতাই লগতে উল্লেখ কৰে।

ইয়াৰোপৰি ভৱেশ কলিতাই অনুষ্ঠানটিত উপস্থিত থাকি বিপুল সঁহাৰি আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে দলীয় কাৰ্যকৰ্তা আৰু ৰাইজক ধন্যবাদ জনায় । অনুষ্ঠানত উত্তৰ কামৰূপ জিলাৰ সভাপতি সুৱল পাল, অৰ্ণৱ ভৰালীকে ধৰি দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।