অসম

ভাষাতত্ববিদ,সাহিত্যিক বিশ্বেশ্বৰ হাজৰিকাৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ভাষাতত্ববিদ,সাহিত্যিক বিশ্বেশ্বৰ হাজৰিকাৰ বিয়োগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সাহিত্যচাৰ্য্য হাজৰিকাৰ বিয়োগত শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে, বিশিষ্ট ভাষাবিদ, গৱেষক-পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাদেৱৰ প্ৰয়াণৰ খবৰে মৰ্মাহত কৰিলে ৷ 'অসমীয়া-বড়ো-ৰাভা ত্ৰিভাষিক অভিধান', 'অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ', 'চৰ্যাগীতিকোষ', 'Assamese Language origin and Development' আদিকে ধৰি বহুকেইখন অমূল্য গ্ৰন্থৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা ভাষাচাৰ্য-অধ্যাপকগৰাকীৰ বিয়োগ জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি ৷

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- বৰেণ্য অসমীয়াগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷ লগতে এই দুখৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ বুলি সামাজিক মাধ্যমত উল্লেখ কৰে ৷

এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে, শনিবাৰে নিশা ১-৩০বজাত গীতানগৰ আৰক্ষী থানাৰ সমীপৰ কে জি এম টি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল সাহিত্যিক বিশ্বেশ্বৰ হাজৰিকাই। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯১বছৰ।