অসম

মহাষ্টমীত লামডিং লৈ আহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Asomiya Pratidin

ডিজিটেল সংবাদ,লামডিংঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰে'ল চহৰ লামডিঙতো শাৰদীয় দুৰ্গোৎসৱৰ আনন্দময় পৰিৱেশে বিৰাজ কৰিছে ৷ শুকুৰবাৰে ষষ্ঠি পূজাৰ দিনা লামডিং প্ৰতিখন পূজা মণ্ডপতে দেৱীৰ আৰাধনাৰে মুখৰিত হৈ পৰিছে ৷

লামডিং বজাৰৰ ঠাকুৰবাড়ী ৰ'ডৰ চন্দ্ৰযান-৩ৰ আৰ্হিত পূজা মণ্ডপটিৰ শুভাৰম্ভণি কৰে লামডিং মণ্ডলৰ সম্পাদক অনিমেষ মিশ্ৰই ৷ ভাৰতৰ তথা ISROৰ বৈজ্ঞানিসকলৰ যি সফলতা চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমৰ সক্ষল অৱতাৰণ সেই সকলো দিশ সামৰি লামডিঙত প্ৰস্তত কৰি তোলা হৈছে এই দুৰ্গা পূজাৰ মণ্ডপ ৷

পূজা বতৰত হোজাই জিলাৰ প্ৰশাসনে জাৰী কৰা SOP সন্দৰ্ভত পুনৰ মন্তব্য প্ৰকাশ কৰে অনিমেষ মিশ্ৰই । পূৰ্বে দিনৰ ২ বজালৈকে যান বাহন চলাচল কৰাৰ যি সিদ্ধান্ত নিৰ্ধাৰিত কৰিছিল সেই সিদ্ধান্ত কিছু পৰিমাণে সলনি কৰা হৈছে বুলি প্ৰকাশ কৰে ।

লামডিং ৰাইজৰ তথা চাকৰিয়া লোকসকলৰ হকে দিনৰ ২ বজাৰ সলনি বিয়লি ৪ বজালৈকে যান বাহন চলাচল কৰিব পাৰিব বুলি সিদ্ধান্ত লয় বুলি প্ৰকাশ কৰে নেতাগৰাকীয়ে । আনফালে মহাষ্টমী পূজাৰ দিনটো অতি গুৰুত্বপূৰ্ণ দিন বুলি উল্লেখ কৰে। যিহেতু এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লামডিঙৰ ৩খনকৈ পূজা মণ্ডপ দৰ্শন কৰিব । লগতে লামডিং কালিবাড়ীৰ পূজাস্থলীত পূজা অৰ্চনা আগবঢ়াব।