অসম

অভিনেতা জয়ন্ত দাসৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা-কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ শোক প্ৰকাশ

Asomiya Pratidin

ডিজিটেল ডেস্ক : জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ অকাল বিয়োগত মৰ্মাহত অসমবাসী। শিল্পীগৰাকীৰ মৃত্যুত শোকাস্তব্ধ সাংস্কৃতিক ক্ষেত্ৰ,ৰাজনৈতিক ক্ষেত্ৰকে ধৰি বিভিন্ন দল-সংগঠন। অভিনেতাগৰাকীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালসহ বিভিন্ন ব্যক্তি তথা সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।

"অভিনেতা জয়ন্ত দাস ডাঙৰীয়াৰ অকাল বিয়োগত মৰ্মাহত হ'লোঁ ৷ অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিক, আকাশবাণীৰ নাটক আদি প্ৰতিটো ক্ষেত্ৰতে শক্তিশালী অভিনয়েৰে অসমবাসীৰ হৃদয়ত এক বিশেষ আসন দখল কৰা দাস ডাঙৰীয়াৰ বিয়োগ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে সমাজ জীৱনলৈও পূৰাব নোৱৰা ক্ষতি ৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷" মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এইদৰে শিল্পীগৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।

আনহাতে কেন্দ্ৰীয়মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উল্লেখ কৰে-"বিভিন্ন চৰিত্ৰত অনৱদ্য অভিনয়েৰে দৰ্শকৰ মনত সাঁচ বহুৱাই যোৱা বিশিষ্ট অভিনেতা জয়ন্ত দাসদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। প্ৰায় চাৰিটা দশকজুৰি অভিনয়ৰ ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়াই থৈ যোৱা অৱদান চিৰসেউজ হৈ ৰ'ব।"

এনেদৰে বিভিন্ন ব্যক্তি তথা সংগঠনে অভিনেতগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে, শনিবাৰে নিশা ৮-৪০ বজাত গুৱাহাটীৰ এপল' হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাগৰাকীয়ে। উক্ত নিশাই নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।