মুখ্যমন্ত্ৰীৰ বৈঠক 
অসম

অসমৰ কৃষকৰ আয় আৰু ধানৰ ৰপ্তানী বৃদ্ধিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ বৈঠক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ ধান উৎপাদন আৰু কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড০ জিন বালিৰ নেতৃত্বত যোৱা এটি কৃষি বিজ্ঞানীৰ দলে সোমবাৰে এক বৈঠকত মিলিত হয়। এই বৈঠকে অসমৰ কৃষিখণ্ডৰ ধানৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত এক সুকীয়া মাত্ৰ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

বৈঠকত ৰাজ্যখনত ধানৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষি যান্ত্ৰিকীকৰণ, চাপ সহনশীল ধানৰ জাতৰ সূচনা কৰা, বীজ বিতৰণ ব্যৱস্থা শক্তিশালী কৰা, কম আৰু মধ্যমীয়া কৃষি কালৰ ধানৰ জাতৰ প্ৰচলন কৰা, মূল্য সংযোজিত জাতৰ ধানৰ প্ৰচলনেৰে ধানৰ ৰপ্তানী বৃদ্ধি কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধি আৰু কৃষকৰ সক্ষমতা বৃদ্ধিৰ পৰিকল্পনাৰ বিষয়ে আলোচনা হয় ।

বৈঠক

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত ধানৰ উৎপাদন বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে অসম কৃষি বাণিজ্যকৰণ আৰু ৰূপান্তৰণ প্ৰকল্পৰ অধীনত বিভিন্ন আচঁনিৰ সফল ৰূপায়নৰ বাবে আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ অসমৰ ধান উৎপাদনৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধতা দূৰীকৰণ কৰি ধানৰ উৎপাদন আৰু কৃষকৰ আয় বৃদ্ধিত গুৰুত্ব প্ৰদান কৰে । বৈঠকত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড০ জিন বালিয়ে কয়, ৰাজ্যখনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সহযোগীতা আৰু ঐক্যবদ্ধতাৰে কাম কৰাৰ প্ৰয়োজনীয়তা আছে ।

বিশ্বৰ খাদ্য সুৰক্ষাৰ বাবে বিজ্ঞান ভিত্তিক নতুন প্ৰযুক্তিৰে কাম কৰিবলৈ আন্তৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান দৃঢ় পৰিকৰ । তেনে কিছুমান প্ৰযুক্তি হ’ল চাপ সহনশীল ধানৰ জাতৰ সূচনা কৰা, যান্ত্ৰিকীকৰণ অধিক কৰা, কম কৃষি কালৰ গুণগত মানৰ ধানৰ জাতৰ ব্যৱহাৰ বৃদ্ধি কৰা আদি।

মুখ্যমন্ত্ৰীসহ কৃষি বিজ্ঞানীৰ দলটো

উল্লেখযোগ্য যে আই আৰ আৰ আই আৰু অসম চৰকাৰৰ মাজত বিশ্ব বেংকৰ অনুদানপ্ৰাপ্ত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ জৰিয়তে ধানৰ উৎপাদন বৃদ্ধিৰ বাবে ২০১৮ চনত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল।

এই চুক্তিৰ অংশ হিচাবে আই আৰ আৰ আইয়ে অসমত কৃষি যান্ত্ৰিকীকৰণ, চাপ সহনশীল ধানৰ জাতৰ সুচনা কৰাৰ লগতে জনপ্ৰিয়কৰণ, বিভিন্ন ডিজিটেল সামগ্ৰীৰ কৃষিখণ্ডত ব্যৱহাৰ আদি প্ৰযুক্তিৰে অসমৰ পথাৰত আধুনিক প্ৰযুক্তিসমূহৰ বহুল প্ৰয়োগ কৰিছে।

এই চুক্তিৰ আধাৰিত বিভিন্ন আচঁনিৰ সফল ৰূপায়নৰ পিছত আই আৰ আৰ আই আৰু অসম চৰকাৰৰ মাজৰ চুক্তি ২০০৪ চনলৈ সম্পসাৰিত হয়।

মুখ্যমন্ত্ৰীসহ কৃষি বিজ্ঞানীৰ দল

বৈঠকত অসম চৰকাৰৰ অতিৰিক্ত মুখ্যসচিব আৰু কৃষি উৎপাদন আয়ুক্ত ড০ আশীস ভুটানী, আই, এ এছ উপস্থিত থাকি ৰাজ্যত নতুন আৰু গুণগত মানৰ ধানৰ জাতৰ সুচনা কৰা আৰু ধান ক্ৰয়ৰ ক্ষেত্ৰত থকা বিভিন্ন প্ৰতিবন্ধকতা সমূহ দূৰীকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।

এৰিয়াছ চোচাইটিৰ আচঁনি সঞ্চালক আকাশ দ্বীপো বৈঠকত উপস্থিত থাকে । আই আৰ আৰ আই দলটোত সঞ্চালক প্ৰধানৰ লগতে চিফ অফ ষ্টাফ আৰু পৰ্টফলিঅ' উন্নয়ন আৰু ব্যৱস্থাপনা বিভাগৰ মুৰব্বী এ জে পনচিন, দক্ষিণ এছিয়া আৰু আফ্ৰিকাৰ জ্যেষ্ঠ উপদেষ্টা ড০ উমা শংকৰ সিং আৰু আই আৰ আৰ আইৰ দক্ষিণ এছিয়াৰ আঞ্চলিক কেন্দ্ৰৰ সঞ্চালক ড০ সুধাংশু সিং উপস্থিত থাকে ।