dangor kotha  
অসম

বিয়া খাবলৈ গৈ খেলি থাকোতেই পানীত পৰি শিশুৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত পূব এলেংবাৰীত মঙলবাৰে বিয়লি এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। বিয়া ঘৰত বিয়া খাবলৈ আহি এগৰাকী তিনি বছৰীয়া কন্যা শিশুৰ সলিল সমাধি ঘটে।

যাৰ বাবে বিয়া ঘৰত এক শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে বিয়াৰ উচাহ নিমিষতে ম্লান হৈ পৰে। জানিব পৰামতে বঙাইগাঁও জিলাৰ বৰপাথাৰ গাৱঁৰ হাফিজুৰ ৰহমানে তেওঁৰ পৰিয়ালসহ পূব এলেংমাৰিৰ নুৰমহাম্মদৰ ঘৰত বিয়াৰ নিমন্ত্ৰণ খাবলৈ আহিছিল।

কিন্তু বিবাহ অনুষ্ঠানৰ মাজতেই হাফিজুৰৰ তিনি বছৰীয়া কন্যা সন্তানটিয়ে সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত ওচৰতে থকা এটা পুখৰীত পৰে। স্থানীয় ৰাইজে শিশুটিক উদ্ধাৰ কৰে যদিও শিশুটিৰ মৃত্যু হয়। বিবাহ অনুষ্ঠানৰ মাজতে এগৰাকী কণমানি মৰমলগা কন্যা শিশুটি পানীত পৰি মৃত্যু মুখত পৰাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।