বাল্য বিবাহঃ কোকৰাঝাৰত এই পৰ্যন্ত ৯৬ গৰাকীক গ্ৰেপ্তাৰ... 
অসম

বাল্য বিবাহঃ কোকৰাঝাৰত এই পৰ্যন্ত ৯৬ গৰাকীক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতেই বাল্য বিবাহৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। কোকৰাঝাৰত বাল্যবিবাহৰ বিৰুদ্ধে ২০৪ টা গোচৰ ৰজু হৈছে আৰু বৰ্তমানলৈকে কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই অভিভাৱক, অবৈধ স্বামীসহিতে ৯৬ জনক আটক কৰিছে ।

আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে আৰু অহা তিনি-চাৰিদিনলৈকে অভিযান অব্যাহত থাকিব বুলি সদৰি কৰিছে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে । সংবাদমেলত জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে সদৰি কৰা মতে আটকাধীন ৯৬ জনৰ ভিতৰত ১৭ জন কোকৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত আৰু বাকী আটকাধীনসকল, দোতমা, গোসাঁইগাঁও, কাজিগাঁও, সাপকাটা, শ্ৰীৰামপুৰ, ভাওৰাগুৰী, কাজিগাঁওকে ধৰি আন আৰক্ষী থানা-চকীৰ অন্তৰ্গত ।

ইতিমধ্যে আটকাধীন লোকসকলৰ বিবাহৰ নথি-পত্ৰ আৰক্ষীয়ে পৰীক্ষা আৰম্ভ কৰিছে আৰু অধিক লোক জালত পৰিব বুলি ঘোষণা কৰিছে । গ্ৰেপ্তাৰ হোৱাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব আৰু পকচো আইনৰ অধীনতো গোচৰ চলিব বুলি সদৰি কৰি জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে এইক্ষেত্ৰত ৰাইজক সচেতন হোৱাৰ আহ্বান জনাইছে।

বাল্যবিবাহ সমাজৰ বাবে ক্ষতিকাৰক আৰু বাল্যবিবাহ বেছিভাগেই বলপূৰ্বক হৈছে বুলি মন্তব্য কৰি বাল্যবিবাহৰ ফলত নাবালিকা ছোৱালীবোৰেই আটাইতকৈ বেছি দূৰ্ভোগ ভোগে বুলি উল্লেখ কৰি সমাজৰ বাবে ক্ষতিকাৰক বাল্য বিবাহৰ বিৰুদ্ধে সকলোকে সজাগ-সচেতন হ'বলৈ আহ্বান জনাইছে আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ।

লক্ষণীয় যে, বাল্যবিবাহৰ ফলত বহু নাবালিকাই ইতিমধ্যে গৰ্ভধাৰণ কৰিছে আৰু বহুতৰে সন্তান জন্ম হৈছে আৰু আৰক্ষীয়ে এইক্ষেত্ৰত প্ৰতিটো গোচৰ সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি মন্তব্য কৰে জিলা আৰক্ষী অধীক্ষকে। সমাজখন নিকা কৰিবলৈ সকলোৰে সহযোগিতা কামনা কৰিছে আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ।