অসম

চিৰাঙৰ বাসুগাঁৱত আন্তঃবিদ্যালয় চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা…

asomiyapratidin

ডিজিটেল সংবাদ, চিৰাং : আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মঙলবাৰে বাসুগাঁও চহৰৰ ছেন্ট জেভিয়াৰ্ছ পাব্লিক স্কুলৰ উদ্যোগত আন্তঃবিদ্যালয় চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । পুৱা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ জৰিয়তে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । তাৰ পিছত বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলে আন্তঃবিদ্যালয় চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । মঙলবাৰে এই আন্তঃবিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈকে "ক" শাখাত প্ৰথম স্থান লাভ কৰে বিবেকানন্দ বাডছলেণ্ড একাডেমীৰ ৰূপছা সাহাই, দ্বিতীয় স্থান লাভ কৰে ছেন্ট জেভিয়াৰ্ছ পাব্লিক স্কুলৰ আয়ুষ পালে আৰু তৃতীয় স্থান লাভ কৰে গুৰুকুল নেচনেল স্কুলৰ আয়ুষ বিশ্বাসে।

আনহাতে, চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে 'খ' শাখাত প্ৰথম স্থান লাভ কৰে ছেন্ট জেভিয়াৰ্ছ পাব্লিক স্কুলৰ উজ্জ্বল বসুমতাৰীয়ে, দ্বিতীয় স্থান লাভ কৰে ছেন্ট জেভিয়াৰ্ছ পাব্লিক স্কুলৰ অনিশা সাহাই আৰু তৃতীয় স্থান লাভ কৰে গুৰুকুল নেচনেল স্কুলৰ হংছিকা ওৱাৰীয়ে। ইয়াৰ উপৰিও সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে 'গ' শাখাত প্ৰথম স্থান লাভ কৰে ছেন্ট জেভিয়াৰ্ছ পাব্লিক স্কুলৰ অনামিকা কলিতাই, দ্বিতীয় স্থান লাভ কৰে ছেন্ট জেভিয়াৰ্ছ পাব্লিক স্কুলৰ দিয়া মালাকাৰে আৰু তৃতীয় স্থান লাভ কৰে বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৃষ্টি সাহাই ।

কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ছেন্ট জেভিয়াৰ্ছ পাব্লিক স্কুলৰ কিৰণময় মোদক, শ্ৰেয়া সৰকাৰ, অৰিন্দম মিশ্ৰই, দ্বিতীয় স্থান লাভ গুৰুকুল নেচনেল স্কুলৰ অৰ্ণৱ জয়ন্ত দাস, মহম্মদ ফৰিদ আলী, আছিফ আহনাফুল ইছলামে আৰু তৃতীয় স্থান লাভ কৰে বিবেকানন্দ বাডছলেণ্ড একাডেমীৰ বিশাল পণ্ডিত, অংকিত প্ৰসাদ শৰ্মা আৰু স্নেহাশীষ মণ্ডলে। শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা ছেন্ট জেভিয়াৰ্ছ পাব্লিক স্কুলৰ এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি অসমীয়া প্ৰতিদিন তথা প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেবনাথে বিজয়ী প্ৰতিযোগী সকলৰ মাজত বটাঁ প্ৰদান কৰে ।