অসম

নাগৰিকক অন্ন সংস্থাপন আৰু কর্ম-সংস্থাপন দিয়াটো চৰকাৰৰ দায়িত্বঃ নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম চৰকাৰৰ শেহতীয়া দুটা সিদ্ধান্তত নাগৰিকৰ সংশোধনী আইন (কা) বিৰোধী- সমিতিয়ে আশ্চর্যবোধ কৰাৰ লগতে উদ্বেগ প্রকাশ কৰিছে। এখন দেশৰ নাগৰিকক অন্ন সংস্থাপন আৰু যুৱক-যুৱতীসকলক কর্ম-সংস্থাপন দিয়াটো নিৰ্বাচিত চৰকাৰ এখনৰ প্ৰাথমিক দায়িত্ব। কেন্দ্ৰৰ বিজেপি চৰকাৰখনে প্রতিবছৰে ১ কোটি আৰু ৰাজ্য চৰকাৰে এক লাখ নিবনুৱাক কর্ম-সংস্থাপন দিব বুলি প্রতিশ্রুতি দিছিল যিটো পাছলৈ সম্পূর্ণ মিছা বুলি প্রমাণিত হৈছে বুলি উদ্বেগ প্ৰকাণ কৰিছে।

নিবনুৱাৰ সংখ্যাই দেশত যোৱা ৪৫ বছৰৰ অভিলেখ ভংগ কৰিছে। অসমত সেই সংখ্যা ২০ লাখৰ অধিক হৈছে। এনে পৰিস্থিতিত চৰকাৰে এ.পি.এছ.চিৰ চাকৰিৰ প্ৰ-পত্ৰ পূৰণৰ বাবে আবেদন মাচুলৰ লগতে প্রচেছিং চার্জ আৰু ১৮ শতাংশ জি এছ টি সংগ্রহ কৰিবলৈ লোৱা সিদ্ধান্তত আচৰিত হোৱাৰ লগতে উদ্বেগ প্রকাশ কৰিছে নাগৰিকৰ সংশোধনী আইন (কা) বিৰোধী- সমিতিখনে।

প্রচেজিং চার্জ আৰু জি.এচ.টি, অর্থাৎ পণ্য আৰু সেৱাকৰ ইয়াত প্ৰয়োগ কৰাটোৱেই অযুক্তিকৰ কথা। কেৱল ভোটৰ আশাত প্রতিদিনে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰি থকা চৰকাৰখনে নিবনুৱা যুৱক-যুৱতীসকলৰ পৰা টেটু চেপি কৰ সংগ্ৰহ কৰাটো কোনোপধ্যেই সমর্থন যোগ্য নহয়। সেয়ে চৰকাৰৰ এনে জনস্বার্থ বিৰোধী সিদ্ধান্ত তাৎক্ষনিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে নাগৰিকৰ সংশোধনী আইন (কা) বিৰোধী- সমিতিয়ে।

দ্বিতীয়তে, যোৱা মাহত সুৰাৰ বিক্ৰী আশানুৰূপ নোহোৱা বাবে অসম চৰকাৰ চিন্তিত হৈছে। কাৰণ, সুৰাৰ পৰা সংগৃহীত ৰাজহে চৰকাৰক আর্থিক সংকট মোকাবিলা কৰাত সহায় কৰি আহিছে। জাতি মাটি ভেটি ৰক্ষাৰ শ্লাগান আওঁৰাই ক্ষমতালৈ বহা চৰকাৰখনে মানুহৰ পদূলিয়ে পদূলিয়ে সুৰাৰ দোকান বহুৱাই নতুন প্ৰজন্মক ধ্বংসৰ পথলৈ ঠেলি দিয়াৰ লগতে অনেক পৰিয়ালক ধ্বংসৰ গৰাহত পেলাইছে। অসমৰ নতুন প্রজন্ম আৰু জনসাধাৰণৰ হিতৰ প্রতি লক্ষ্য ৰাখি আমি চৰকাৰৰ সুৰানীতি তৎকালে সংশোধন কৰিবলৈ দাবী জনাই। এইদৰে উদ্বেগ প্রকাশ কৰিছে নাগৰিকৰ সংশোধনী আইন (কা) বিৰোধী- সমিতিয়ে।