অসম

চৰাইদেউ মৈদাম প্ৰাংগণত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউ : বুধবাৰে ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণত এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ উল্লেখ্য যে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ প্ৰাংগনত ৫ জানুৱাৰীৰ পৰা সপ্তমবাৰৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত চৰাইদেউ মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল ৷

উক্ত সময়চোৱাত মহোৎসৱস্থলী বাণিজ্য আৰু খাদ্যমেলাৰ পেলনীয়া সামগ্ৰীৰে ভৰি পৰিছিল ৷ আজি পুৱা মহোৎসৱৰ আয়োজক সমিতিৰ উদ্যোগত চাফ-চিকুণ কৰা উদ্দেশ্যে এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷