ভুৱা ট্ৰেডিঙৰ কেলেংকাৰীৰ শ্বেতপত্ৰ প্ৰকাশ কৰাৰ সাহস গোটাবলৈ মুখ্যমন্ত্ৰীক আহ্বান 
অসম

ভুৱা ট্ৰেডিঙৰ কেলেংকাৰীৰ শ্বেতপত্ৰ প্ৰকাশ কৰাৰ সাহস গোটাবলৈ মুখ্যমন্ত্ৰীক আহ্বান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমত শেহতীয়াকৈ পোহৰলৈ অহা ট্ৰেডিং কেলেংকাৰীয়ে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে একাংশ ভুৱা ট্ৰেডাৰক গ্ৰেপ্তাৰ কৰিছে যদিও এই ভুৱা ট্ৰেডিঙৰ মহানায়ক দীপাংকাৰ বৰ্মনৰ লগতে বিশাল ফুকনৰ সহযোগী চুমি বৰা আৰু তাৰ্কিক বৰা এতিয়াও পলাতক। এইসকলক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই।

এনে পৰিস্থিতিত কংগ্ৰেছ বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। শইকীয়াই এক প্ৰেছ বিজ্ঞপ্তিত কয়, অসমত শেহতীয়াকৈ পোহৰলৈ অহা অনলাইন ট্ৰেডিং কেলেংকাৰীৰ সৈতে আছে আওপকীয়া গুজৰাট কানেকশ্যন। ক’বলৈ গ’লে গুজৰাটে দেখুৱাই দিয়া বাটেৰেই সমগ্ৰ দেশতে এই অনলাইন ট্ৰেডিঙৰ জাল বিস্তাৰিতহৈ পৰিছে।

শ্বেয়াৰ মাৰ্কেটৰ নামত অসমত সংঘটিত এই পঞ্জি স্কেমৰ তদন্ত প্ৰক্ৰিয়াও এতিয়া গুজৰাট মডেলতে চলিছে বুলিব পাৰি। গুজৰাটৰ এটা কোম্পানীয়ে সমগ্ৰ দেশৰে হাজাৰ হাজাৰ লোকক ভুৱা সপোন দেখুৱাই কোটি কোটি টকা কাঢ়ি নি যোৱা জানুৱাৰী মাহত হৰলুকী হৈ পৰিছিল। এই সকলোবোৰ ঘটি থকাৰ পিছতো কিন্তু এনে অবৈধ বিত্তীয় লেনদেনৰ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ দায়িত্বত থকা National Stock Exchange of India চমুকৈ NSE আৰু ছেবিৰ দৰে সংস্থাই কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

ফলত হাজাৰ হাজাৰ লোকৰ কোটি কোটি টকা লৈ অতি সহজে বিদেশলৈ পলায়ন কৰিবলৈ সমৰ্থ হৈছিল এই গুজৰাটী কোম্পানীটোৰ স্বত্বাধিকাৰী ধৱল ছোলানি। যেতিয়া ধৱল ছোলানিৰ ট্ৰেডিং কোম্পানী 'ক্ৰেডিট বুল’ৰ কেলেংকাৰি পোহৰলৈ আহিছিল তেতিয়া NSEয়ে এখন মাত্ৰ এডভাইজৰি জাৰি কৰিয়েই গা এৰা দিছিল।

NSE-ৰ দায়িত্ব হৈছে যদিহে কোনো অনিয়ম প্ৰত্যক্ষ কৰে তেন্তে সেই সম্পৰ্কে ছেবিক তাৎক্ষণিকভাৱে অৱগত কৰাব লাগে। কিন্তু সেয়া নকৰিলে বাবেই ধৱল ছোলানি আৰু তেওঁৰ মূল সহযোগীসকলে সাধাৰণ জনতাৰ পৰা কৌশলেৰে নিজৰ কৰি লোৱা ধনবোৰ বিদেশী একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি ডুবাই হৈ মৰক্কোলৈ পলায়নৰ সুযোগ লাভ কৰে।

NSE, ছেবিৰ দৰে সংস্থাসমূহে গুজৰাটী কোম্পানীটোৰ বিৰুদ্ধে কিয় কঠোৰ ব্যৱস্থা নল’লে বুলি সকলোৰে মনত প্ৰশ্নৰ উদয় হ’ব পাৰে। ইয়াৰ উত্তৰ পিছে তেনেই সহজ। ২০১৮-১৯ৰ পৰা আৰম্ভ কৰিবলৈ লোৱা এই কোম্পানীটোৰ মালিক ধৱল ছোলানিক তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে নেশ্যনেল ৰিকগনিশ্যন পুৰস্কাৰেৰে সন্মানিত কৰিছিল। ইমানেই নহয়, গুজৰাটৰ আটাইতকৈ সফল বিত্তীয় কোম্পানীৰ পুৰস্কাৰো প্ৰদান কৰিছিল গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটিলে।

চৰকাৰৰ বৰঘৰৰ সৈতে, বৰ বৰ বিজেপি নেতাৰ সৈতে এইসকল ঠগ-প্ৰৱঞ্চকৰ ঘনিষ্ঠ সম্পৰ্ক আছে বাবেই ছেবি, ইডিৰ দৰে সংস্থাসমূহে কঠোৰ ব্যৱস্থা ল’বলৈ ভয় কৰে। ছেবিৰ দৰে গুৰুত্বপূৰ্ণ সংস্থা এটাত যেতিয়া মাধৱী পুৰী বাচৰ দৰে দুৰ্নীতিগ্ৰস্ত বিষয়া চেয়াৰমেন হৈ থাকিব তেতিয়া এনে ঘটনাবোৰদেশত বৃদ্ধি পোৱাটোৱেই স্বাভাৱিক। সেয়ে আজি গুজৰাটৰ এই পঞ্জি স্কিম চলোৱা কোম্পানীটোৰ প্ৰতিষ্ঠাপক ধৱল ছোলানিৰ দৰেই অসমতো ডিবি ষ্টক ব্ৰ’কিঙৰ প্ৰতিষ্ঠাপক দীপাংকৰ বৰ্মনে পলায়ন কৰিবলৈ সুযোগ লাভ কৰিছে।

পঞ্জি স্কিম চলোৱা বিশাল ফুকন আৰক্ষীৰ জালত পৰাতো অসমৰ ৰাইজৰ বাবে ভাল খবৰ যদিও বিশাল ফুকনতকৈয়ো ভয়াৱহ কেলেংকাৰি সংঘটিত কৰা দীপাংকৰ বৰ্মনক কৰায়ত্ব কৰিব নোৱৰাতো কিন্তু চৰকাৰ-প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতা। সমগ্ৰ দেশৰ লগতে অসমতো ২০২১ চন মানৰ পৰা ফাইনেন্স কোম্পানীৰ সংখ্যা বাঢ়িবলৈ লৈছিল। চৰকাৰে এই কথা গম পোৱাৰ পিছতো এই ফাইনেন্স কোম্পানীসমূহে নিয়ম মানি কাম কৰিছে নে নাই সেয়া কিয় চোৱা-চিতা কৰা নাছিল?

শ্বেয়াৰ মাৰ্কেটৰ নাম লৈ চলি থকা এই কোম্পানীসমূহৰ ছেবি ৰেজিষ্ট্ৰেশ্যন আছে নে নাই সেয়া পৰীক্ষা নকৰাকৈ কেনেকৈ চলি থাকিবলৈ দিয়া হৈছিল? তাতোকৈয়ে

গুৰুত্বপূৰ্ণ কথা এয়ে যে যি ডিবি ষ্টক ব্ৰকিঙৰ পঞ্জি স্কেমৰ কথা পোহৰলৈ আহিছে সেই কোম্পানীটোৰ প্ৰতিষ্ঠাপক প্ৰৱঞ্চক দীপাংকৰ বৰ্মনে দেশৰ প্ৰতিষ্ঠিত ষ্টক ব্ৰ’কাৰ কোম্পানী DB (International) Stock Brokers Limited ৰ নাম কপি কৰি মানুহক প্ৰৱঞ্চনা কৰি গৈছিল। বম্বে ষ্টক একছেঞ্জৰ লিষ্টেড কোম্পানী DB (International) Stock Brokers Limited গঠিত হৈছিল ১৯৯২ চনতেই। এই প্ৰতিষ্ঠিত কোম্পানীটোৰ নাম লৈ দীপাংকৰ বৰ্মনে ২৩০০০ লোকক জালত পেলাই গৈছিল।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে অষ্ট্ৰেলিয়াতো হেনো দীপাংকৰৰ গ্ৰাহক আছিল। অৰ্থাৎ দীপাংকৰ বৰ্মনে ইণ্টাৰনেশ্যনেল কানেকশ্যনো কৰি লৈছিল। তাৰ পিছতো ছেবি, ইডিৰ দৰে সংস্থাসমূহে ইমানদিনে কিয় একো গমকেই পোৱা নাছিল? অসমৰ দৰে এখন ব্যৱসায়-বাণিজ্যত পিছপৰা ৰাজ্যত এনেকৈ হাজাৰ হাজাৰ কোটি টকা অনলাইন ব্যৱসায়ত বতাহত উৰি গ’ল মুখ্যমন্ত্ৰীৰ অগোচৰে।

দক্ষ মুখ্যমন্ত্ৰীয়ে নিজৰ আৰক্ষী বিভাগক নিৰ্দেশ দি এতিয়ালৈকে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনাৰ লগত জড়িত মূল খলনায়কসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয়? অসমত মাত্ৰ ১.১ শতাংশ শ্বেয়াৰ মাৰ্কেটৰ বজাৰ আছে। কিন্তু অনলাইন ষ্টক ব্ৰ’কিঙৰ নামত দীপাকংৰ বৰ্মনে প্ৰায় ৭০০০ কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ আহিছে। এই দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে এতিয়ালৈকে ইডিয়ে গোচৰ ৰুজুকৰা নাই কিয়?

বিৰোধী নেতাৰ পিছত ইডিক ব্যৱহাৰ কৰি কৰি এইখন চৰকাৰে ইডিক মূল কামবিলাকৰ পৰা আঁতৰাই নিছে নেকি? ডিবি ষ্টক ব্ৰ’কিং নামৰ প্ৰৱঞ্চক প্ৰতিষ্ঠানটোৱে ২০১৮ চনৰ পৰা ষ্টক মাৰ্কেটত বিনিয়োগ কৰাৰ নামত অসমৰ ৰাইজক বুৰ্বক সজাই আহিছে। গুজৰাটী কোম্পানীৰ আদৱ-কায়দা কপি কৰা এনেধৰণৰ প্ৰৱঞ্চকক পৃষ্ঠপোষকতা কৰিছে অসমৰ এখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে।

জানিব পৰা মতে, এই বিশ্ববিদ্যালয়ৰ সকলোধৰণৰ অনুষ্ঠান স্পনছৰ কৰে ডিবি ষ্ট’ক ব্ৰকিঙে। তাৎপৰ্যপূৰ্ণভাৱে গুৱাহাটীত কাৰ্যালয়ো স্থাপন কৰিছে। উলুবাৰীৰ চেণ্টাৰ পইণ্ট নামৰ যিটো অট্টালিকা অৱস্থিত সেই অট্টালিকাটোৰ মালিক এই ইউনিভাৰ্ছিটিৰ অংশীদাৰ। অকল সেয়াই নহয় অসমৰ বিভিন্ন ব্যৱসায়ৰ লগত জড়িত এই ছলনাময়ী ব্যৱসায়ীজনৰ প্ৰতিষ্ঠানৰ চিএ ফাৰ্মে ডিবি ষ্টক ব্ৰ’কিঙক সহায় কৰাৰ অভিযোগ আছে।

ছেবি আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সকলোধৰণৰ নিয়ম ভংগ কৰি ডিবি ষ্টক ব্ৰ’কিঙৰ মালিক দীপাংকৰ বৰ্মনে দীৰ্ঘদিন ধৰি লুটপাট চলাই থকাৰ পিছতো ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাছিল কিয়? ইয়াৰ মূল কথাটোৱেই হৈছে এই ব্যৱসায়টোৰ পৃষ্ঠপোষকতা কৰা লোকসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নিয়মিত ধন যোগান ধৰাৰ কথা সকলোৱে জানে।

যিটো কথা আচলতে গুজৰাটী কোম্পানী ক্ৰেডিট বুলৰ ক্ষেত্ৰত হৈছে সেই একেই কথা অসমতো ডিবি ষ্টক ব্ৰ’কিঙৰ ক্ষেত্ৰত হৈছে। নহ’লে, দীপাংকৰ বৰ্মনৰ আওপকীয়া সহযোগী স্বপ্ননীল দাসৰ অবৈধ প্ৰশিক্ষণ কেন্দ্ৰ মুখ্যমন্ত্ৰীৰ অজ্ঞাতে কেনেকৈ চলি আছিল? আন এজন অভিযুক্ত বিশাল ফুকনে ষ্টাম্প পেপাৰত চুক্তিৱদ্ধ কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি আছিল। ন’টাৰীৰ যোগেদি এইধৰণৰ ষ্টাম্প পেপাৰত চুক্তি হোৱা সম্পৰ্কে ৰাজ্য চৰকাৰ অৱগত নহয় কিয়?

বিশাল ফুকনে চাৰি দিনত ২৪ শতাংশ লাভ আৰু ২৪০ দিনত অৰ্থাৎ এবছৰ নৌহওতে ১০০ শতাংশ লাভ দিয়াৰ প্ৰতিশ্ৰুতিৰে ব্যৱসায় চলাই থকাৰ পিছতো অসম চৰকাৰৰ চোৰাংচোৱা বিভাগে গম নাপালে কিয়? আমাৰ প্ৰশ্ন হ’ল মূল অভিযুক্ত দীপাংকৰ বৰ্মন আৰু তেওঁৰ সহযোগীসকলক অসম আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয়? নে গুজৰাটৰ ক্ৰেডিট বুলৰ মালিক ধৱল ছোলানিক বিদেশলৈ পলায়ন কৰাৰ সুযোগ দিয়াৰ দৰে দীপাংকৰ বৰ্মনকো পলায়নৰ সুযোগ কৰি দিছে চৰকাৰে?

এই বৃহৎ বিত্তীয় কেলেংকাৰীৰ মূল কথাবোৰৰ পৰা হাত সাৰি থাকিবলৈ অদৰকাৰী কথাৰ চৰ্চা চলোৱাতো বাদ দি চৰকাৰে অসমৰ জনগণক এটা এটাকৈ সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব। সেয়ে হাজাৰ হাজাৰ কোটি টকাৰ এই কেলেংকাৰিৰ শ্বেতপত্ৰ প্ৰকাশ কৰাৰ সাহস গোটাবলৈ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো।