অসম

জাগীৰোড বিকাশৰ এটা দিন কাৰ্যসূচীঃ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব কেইবাটাও আঁচনি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে জাগীৰোড সমষ্টিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে সম্পূর্ণ হোৱা কেইবাখনো আঁচনি উদ্বোধন কৰিব। অনুষ্ঠানত স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত , নগৰ উন্নয়ন মন্ত্রী অশোক সিংহল, জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকিব।

আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া কামসমূহ-

১/ ৰেলৱে উৰণ সেতু। এই সেতু নিৰ্মাণৰ নামত ব্যয় হৈছে প্ৰায় ৮৫.৯৬ কোটি টকা।

২/তৰঙা বিলৰ সৌন্দর্যবর্ধন আৰু বিলৰ পাৰত ডেৰ কিলোমিটাৰৰ চাইকেল ট্রেক নিৰ্মাণ। এই কামত প্ৰায় ৯.৫৬ কোটি টকা ব্যয় হৈছে।

৩/ লোকনির্মান বিভাগৰ পৰিদৰ্শন বঙলা নিৰ্মাণ। এই বঙলা নিৰ্মাণৰ নামত ব্যয় হৈছে প্ৰায় ৯.৫ কোটি টকা।

৪/ জাগীৰোড উন্নয়ন প্ৰাধিকৰনৰ স্থায়ী কার্যালয় উদ্বোধন। এই আঁচনি সম্পূৰ্ণ কৰাৰ বাবদ ব্যয় হৈছে প্ৰায় ১.৯৫ কোটি টকা।

৫/৭৫০ খন আসনযুক্ত জাগীৰোড উন্নয়ন প্ৰাধিকৰনৰ আটকধুনীয়া প্রেক্ষাগৃহ নিৰ্মাণ। এই প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ব্যয় হৈছে প্ৰায় ৭.২০ কোটি টকা।

এই কাৰ্যসূচীৰ অংশৰূপে মুখ্যমন্ত্ৰীয়ে জাগীৰোড থানা চৌহদত তথ্য আৰু জনসংযোগ বিভাগৰ এখন এল ই ডি বিলবৰ্ডো মুকলি কৰিব।

উল্লেখ্য যে, দিনৰ ১১ বজাতে অনুষ্ঠান আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু মিৰ্জাত আন এটা অনুষ্ঠানত অংশ গ্ৰহণ কৰি প্ৰায় ১২ বজাত মুখ্যমন্ত্ৰীগৰাকী জাগীৰোডলৈ ৰাওনা হৈছে। ইতিমধ্যে অনুষ্ঠানত অংশ ল'বলৈ শ শ লোক আহি ভিৰ কৰিছে।