অসম

কংগ্ৰেছী বিধায়কৰ মুখত অগপ বন্দনা

Asomiya Pratidin

ডিজিটেল ডেস্ক : আকৌ কংগ্ৰেছত খহনীয়াৰ আশংকা কৰা হৈছে। ইতিমধ্যে ভালেকেইগৰাকী আগশাৰীৰ নেতাই কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিছে অন্য ৰাজনৈতিক দলত।

কিছুদিন পূৰ্বে ভালেকেইগৰাকী নেতা-কৰ্মীয়ে যোগ দিছে শাসনাধিষ্ঠিত দলত। আনহাতে কংগ্ৰেছ বিধায়কদ্বয় কমলাক্ষ দে’ আৰু বসন্ত দাসে বিজেপি সমৰ্থনমূলক মন্তব্যৰ বাবে দলৰ ৰোষত পৰিছে। যাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিব লগা হৈছিল।

এনে সময়তে কমলাক্ষ দে’ আৰু বসন্ত দাসৰ সুৰতে সুৰ মিলাইছে বিধায়ক আব্দুল ৰচিদ মণ্ডলে। বিধায়কগৰাকীক মুখত শুনা গ'ল অসম গণ পৰিষদ বন্দনা। অগপক প্ৰশংসা কৰে কংগ্ৰেছী বিধায়কগৰাকীয়ে।

অগপ দল কংগ্ৰেছৰে সৃষ্টি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক মণ্ডলৰ। বিধায়কগৰাকীৰ এই মন্তব্যই স্বাভাৱিকতে ৰাজনীতিমহলত চৰ্চা লাভ কৰিছে। একাংশই আশাংকা কৰিছে যে, শাসনাধিষ্ঠিত দললৈ হয়তো আগমন ঘটিব পাৰে বিধায়ক মণ্ডলৰ !