অসম

স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত হাওৰাঘাট আৰু ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাট : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটতো হাওৰাঘাট ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত বুধবাৰে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । হাওৰাঘাট অঞ্চলৰ শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ এক দীঘলীয়া শোভাযাত্ৰা কৰে।

এই শোভাযাত্ৰাৰে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত বিদ্যুৎ বিভাগৰ হাওৰাঘাট উপ সংমণ্ডলৰ কাৰ্যালয়ত সমবেত হৈ হাওৰাঘাট নগৰৰ পৰিবেশ উত্তাল কৰি তোলে ৷ চৰকাৰৰ দ্বাৰা সংস্থাপন কৰা স্মাৰ্ট মিটাৰত অত্যধিক পৰিমাণৰ বিদ্যুৎ বিল অহাৰ ফলত ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজক জলা-কলা খুওৱা চৰকাৰৰ এই হঠকাৰী স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰাৰ দাবীত প্ৰাক্তন কাৰ্যবাহী সদস্য বিদাছিং ৰংপি ,অশোক টেৰণ , কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰতন ইংতি, প্ৰশান্ত বৰা, পূৰ্ণিমা ৰংহাংপিকে ধৰি বৃহৎ সংখ্যক কংগ্ৰেছৰ নেতা কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

এই সন্দৰ্ভত প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে উপ সংমণ্ড বিষয়া বিশ্বজিত তালুকদাৰৰ জৰিয়তে এপিডিচিএলৰ উৰ্দ্ধতম কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

ৰঙিয়াত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰতিবাদ

অসমৰ আন আন প্ৰান্তৰ লগতে কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়াতো স্মাৰ্ট মিটাৰ আৰু এপিডিচিএলৰ বিৰুদ্ধে বুধবাৰে কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে দলীয় পতাকা আৰু বেনাৰ লৈ প্ৰতিবাদকাৰীসকলে ৰঙিয়াৰ ৰাজীৱ ভৱনৰ পৰা নগৰৰ মাজেৰে বিদ‍্যুৎ বিভাগৰ ৰঙিয়াৰ ১নং বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়লৈ সমদল কৰে।

প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্লোগানেৰে ৰঙিয়াৰ আকাশ-বতাই কঁপাই তোলে।বিদ‍্যুৎ বিভাগৰ ৰঙিয়াৰ ১নং বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়লৈ উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত ৰঙিয়াৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডা০ মৃণাল ডেকা, চাকিল আহমেদকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী কৰ্মী আৰু এন এছ ইউ আইৰ কৰ্মীসকল উপস্থিত থাকে।