অসম

এইবাৰ বিভিন্ন ভোটকেন্দ্ৰ কংগ্ৰেছ শূণ্য হ'বঃ চিলাপথাৰত প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ তুংগত উঠিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। চিলাপথাৰত বিৰোধীৰ নিষ্প্ৰভ স্থিতিৰ বিপৰীতে দেওবাৰে দেখা গ'ল বিজেপি মিত্রদলৰ তিনিখন বিশাল প্ৰচাৰ সভা। অঞ্চলটো কুলাজান,চেঙাজান আৰু দনী পল সংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত নিৰ্বাচনী সভাত জনসমুদ্ৰ।

পোনতে কুলাজানত কেইবা সহস্ৰ লোকৰ উপস্থিত অনুষ্ঠিত মিত্ৰদলৰ প্ৰাথি প্ৰদান বৰুৱাৰ নিৰ্বাচনী সভাত বিভিন্ন দলৰ পৰা বিজেপিত যোগদান কৰে পাঁচ শতাধিক লোকে।

সভাত বিধায়ক তথা বিজেপিৰ মুখপাত্ৰ ভূৱন পেগুয়ে ৰাইজৰ আগত ভাষণ দাঙি ধৰি এইবাৰ সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰত কংগ্ৰেছৰ ভোট শূণ্য হ'ব। বিৰুধীৰ জণগনৰ সৈতে সম্পৰ্ক নাই। কংগ্ৰেছ আৰু অখিল গগৈয়ে লিলি হোটেলত বহি অলিক কল্পনা কৰাত ব্যস্ত বুলি তীক্ষ্ণ সমালোচনা কৰি নিৰ্বাচনত যিটো কেন্দ্ৰত কংগ্ৰেছ শূণ্য হ'ব তেনে কেন্দ্ৰৰ বিজেপিৰ সমৰ্থকক বৰভোজৰে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰে।

ইপিনে বিগত সময়ত সদনত সাংসদ প্ৰদান বৰুৱাৰ ভূমিকা নিষ্ক্ৰিয় থকা বুলি হোৱা চৰ্চাৰ প্ৰত্যুত্তৰত নিজকে ৰামায়ণৰ মহাৰাণী কৈকেয়ীৰ সৈতে তুলনা কৰি কৈকেয়ীয়ে উচিত সময়ত বৰদান গ্ৰহন কৰাৰ দৰে যথা সময়তহে সময়োচিত বিষয়ৰ ওপৰত সৰব হ'ব বুলি কয়।

একেদৰে চিলাপথাৰ দঞি প:ল সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত আন এখন নিৰ্বাচনী সভাত অজস্ৰ সমৰ্থকে নাচি বাগি আদৰি নিলে মিত্ৰ দলৰ প্ৰাৰ্থী জনক। ৰাইজৰ সৈতে আনন্দ উল্লাসত ভাগ ল'লে প্ৰাৰ্থী প্ৰদান বৰুৱাৰ পত্নী আৰু ভগ্নীয়ে। সভাত বিভিন্ন দলৰ পৰা কেইবাশ লোকে গেৰুৱা দলত যোগদান কৰে।