অসম

বছৰি অনুমোদন হয় চৰকাৰী ধন : বিধ্বস্ত পথ মেৰামতিৰ বাবে বিধায়কৰহে নাই মন!

Asomiya Pratidin

ডিজিটেল সংবাদ, কঠীয়াতলী: কামপুৰ-কঠীয়াতলী পথৰ পৰা তেলিয়াআটি সংযোগী পথটোৰ দুৰৱস্থাই দুৰ্ভোগ ভূগাইছে সাধাৰণ ৰাইজক। আঁচনিৰে চমক সৃষ্টি কৰিব বিচৰা বিজেপি চৰকাৰৰ দিনতে দুটা বছৰে মেৰামতি অভাৱত পৰি আছে বঢ়মপুৰ সমষ্টিৰ এটা পথ৷

পথৰ দুৰৱস্থাৰ বাবেই কেবাখনো গাঁৱৰ ৰাইজৰ যাতায়তত অসুবিধা হোৱাৰ লগতে এম্বুলেন্সৰ লগতে বিভিন্ন জৰুৰীকালীন সেৱাসমূহৰ পৰা গঞা ৰাইজ বঞ্চিত হৈ আহিছে। যোৱা বাৰিষাতে বানে ভাঙি নিয়া পথটো মেৰামতিৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগ তথা স্থানীয় বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ হেমাহিৰ বাবেই সুচল যাতায়ৰ পৰা বঞ্চিত হৈ আহিছে কেবাখনো গাঁৱৰ ৰাইজ।

আনহাতে দুৰ্নীতিত শূন্য সহসশীলতাৰ কথা কোৱা চৰকাখনৰ দিনতো একাংশ ঠিকাদাৰে বিনাদ্বিধাই কৰি আছে দুৰ্নীতি৷ কামপুৰ কঠীয়াতলী পথৰ পৰা কছাইখনীয়া ৰোড সংযোগী পথটো মেৰামতিৰ নামত প্ৰতি বছৰে আহি আছে টকা। কিন্তু এই পৰ্যন্ত পথটোৰ মেৰামতি নোহোৱাৰ বাবেই ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

প্ৰাপ্ত তথ্য অনুসৰি বিগত বছৰ কেইটাত পথটোৰ নিৰ্মাণৰ বাবে চৰকাৰৰ পৰা অনুমোদন দিয়া ধনৰাখি আছিল এনেধৰণৰ- ২০২১-২২ বৰ্ষত ৬২,৩৭১ টকা, ২০২২-২৩ বৰ্ষত ৭১,৪৫৩ টকা, ২০২৩-২৪ বৰ্ষত ১,১৯,৮১৮ টকা, ২০২৪-২৫ বৰ্ষত ২,০২,৮৭৩ টকা, ২০২৫-২৬ বৰ্ষত ২,৮৬,৪৬৮ টকা ৷

মেৰামতিৰ নামত চৰকাৰে টকা অনুমোদন দিয়াৰ পাছতো আজিকোপতি পথটো কোনো মেৰামতি নহ'ল ৷ মাত্ৰ বাঁহৰ বেৰিগেট লগাইয়ে দ্বায়িত্ব সামৰিলে ঠিকাদাৰ আৰু লোক নিৰ্মান বিভাগে ৷ শীঘ্ৰে পথছোৱা মেৰামতি কৰিবৰ বাবে দাবী জনাইছে ৰাইজে অন্যথা আগন্তক নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে।